ডেৰমহীয়া শিশু আৰু চিকিৎসা কৰ্মীসহ শোণিতপুৰত ১৯জন কৰ’নাত আক্ৰান্ত

Coronavirus 1

শোণিতপুৰৰ জিলাত কৰ’নাৰ সংক্ৰমণ অব্যাহত আছে ৷ তেজপুৰৰ সামৰিক চিকিৎসালয়ত এটি ৪৮দিনীয়া শিশুসহ শোণিতপুৰত ১০৪ সঞ্জীৱনী সেৱাৰ এগৰাকী স্বাস্থ্য কৰ্মী কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে ৷ শনিবাৰে নিশাৰ পৰা মুঠ ১৯ জন কৰ’নাত আক্ৰান্ত হৈছে জিলাখনত৷ পূৰ্বে কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংস্পৰ্শলৈ অহা চাৰিজন লোকৰ দেহতো কৰ’নাৰ উপস্থিত ধৰা পৰিছে ৷

তদুপৰি, এছ এছ বি জোৱান, অসম আৰক্ষীৰ দ্বাদশ বেটেলিয়ানৰ এজন জোৱানো কৰ’নাত আক্ৰান্ত হৈছে ৷ শেহতীয়াকৈ কৰ’নাত আক্ৰান্ত হোৱা সকলৰ মাজত তেজপুৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত কৰ্মৰত কে’বাজনো লোকো আছে ৷ ইয়াকেলৈ জিলাখনত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৫৪৮জনলৈ বৃদ্ধি পালে । নিশাই আক্ৰান্ত সকলক পৰোৱাৰ চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছে ৷

Exit mobile version