ভাৰতীয় চেলিব্ৰেটি সকলৰ মাজত প্ৰিয়ংকা চোপ্ৰা আৰু দীপিকা পাডুকনৰ অনুগামীৰ সংখ্যা অধিক। ছ’চিয়েল মিডিয়াত চকু ফুৰালেই এই কথাৰ উমান লাভ কৰিব পাৰি। ইনষ্টাগ্ৰাম, ফেচবুক, টুইটাৰত দুয়োকে অনুসৰণ কৰাসকলৰ তালিকাখন বহু দীঘলীয়া। অনুসৰণ কৰাসকলৰ সংখ্যা বহু লাখৰো অধিক। দুয়োকে অনুসৰণ কৰাসকলৰ আধিক্যৰ বাবে মুম্বাই আৰক্ষীৰ তীক্ষ্ণ দৃষ্টিত আছে প্ৰিয়ংকা আৰু দীপিকা। মায়ানগৰীত ওলোৱা খবৰ অনুসৰি দুয়োকে মুম্বাই আৰক্ষীয়ে এই সন্দৰ্ভত জেৰা কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে দুয়োলৈকে জাননীও প্ৰেৰণ কৰিছে মুম্বাই আৰক্ষীয়ে।
অভিযোগ অনুসৰি দুয়ো বহু ‘ভুৱা’একাউণ্ট খুলি ৰাখিছে বিভিন্নজনৰ সহযোগত। ছ’চিয়েল মিডিয়াত নিজৰ সাপেক্ষে ভুৱা একাউণ্ট খোলাসকলক ধনো দি আহিছে দুয়োৱে। অৱশ্যে এই অভিযোগ সন্দৰ্ভত মুম্বাই আৰক্ষীৰ হাতত কোনো স্পষ্ট প্ৰমাণ নাই। অভিনেত্ৰী দুয়োগৰাকীয়ে নহলেও যে আন কোনো ব্যক্তিয়ে এনে ভুৱা একাউন্ট পৰিচালনা কৰাসকলক ধন দিয়ে তাৰ প্ৰমাণ লাভ কৰিছে আৰক্ষীয়ে। এনে ‘পেইড একাউণ্ট’ক লৈ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।
এই সন্দৰ্ভত মুম্বাই আৰক্ষীৰ যুটীয়া আয়ুক্ত বিনয় কুমাৰ চৌবেই জনোৱা অনুসৰি আৰক্ষীয়ে প্ৰাথমিক তদন্তত ৫৪ খন ফৰ্মৰ সন্ধান লাভ কৰিছে যিসকলে ভুৱা একাউণ্টবিলাক পৰিচালনা কৰে। এই ক্ষেত্ৰত মুম্বাই আৰক্ষীয়ে অপৰাধ শাখা আৰু চাইবাৰ শাখাৰ বিষয়াৰ অন্তৰ্ভূক্তিৰে এটি বিশেষ তদন্তকাৰী দলো গঠন কৰিছে। দলটোৱে অভিষেক দিনেশ দাউদ নামৰ এজনক গ্ৰেপ্তাৰো কৰিছে। দাউদে এক আন্তঃ ৰাষ্ট্ৰীয় এক সংস্থাৰ লগত ভুৱা আই ডি সংক্রান্তীয় কাৰ্যকলাপত জড়িত আছিল।
এনে ভুৱা আই ডিৰেই ভুৱা একাউন্টবিলাক খোলা হৈছিল। একমাত্ৰ প্ৰিয়ংকা আৰু দীপিকাই যে আৰক্ষীৰ তীক্ষ্ণ দৃষ্টিত আছে তেনে নহয়, মুম্বাই আৰক্ষীৰ দৃষ্টিত এই ক্ষেত্ৰত আৰু ১৭৪ জনৰ নামো আছে। এই লোকসকলৰ অধিকেই হাই প্ৰফাইল। ভুৱা একাউণ্ট তথা আই ডি চক্ৰান্তত এই হাই প্ৰফাইল লোকসকলো গভীৰলৈ জড়িত হৈ আছে। অনুমান কৰা মতে, কেঁচু খান্দোতে মুম্বাই আৰক্ষীয়ে সাপৰ সৈতে মুখামুখি হ’বলগীয়াও হ’ব পাৰে। আৰক্ষীয়ে বলিউড-পাকিস্তান-আই এছ আই সম্পর্কক লৈয়ো সম্প্ৰতি তদন্তত ব্যস্ত আছে।