অৱশেষত ভাল খবৰটো দিলে অভিষেক বচ্চনেঃ অনুৰাগীলৈ জনালে ধন্যবাদ

aishwarya 1 1

কৰ’নাত আক্ৰান্ত হৈ মুম্বাইৰ নানাৱতী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ঐশ্বৰ্য্য ৰায় বচ্চন আৰু আৰাধ্যা বচ্চনৰ শৰীৰত ক’ভিড-১৯ নিগেটিভ পোৱা গৈছে ৷ এই সন্দৰ্ভত জনাইছে বলীউডৰ বিগ বিৰ পুত্ৰ অভিষেক বচ্চনে ৷ টুইটাৰ যোগে অভিষেকে অনুৰাগীসকলক জনাই “আপোনাৰ অশেষ আশীৰ্বাদৰ কাৰণে ধন্যবাদ । ভাল খবৰটো এয়ে যে ঐশ্বৰ্য আৰু আৰাধ্যৰ ক’ভিড-১৯ ফলাফল নিগেটিভ আহিছে ৷ তেওঁলোকক চিকিৎসালয়ৰ পৰা ডিচাৰ্জ কৰি দিব চিকিৎসকে ৷ তেওঁলোক এতিয়া ঘৰতে থাকিব। মই আৰু মোৰ পিতৃ মেডিকেল ষ্টাফৰ অন্তৰালত চিকিৎসাধীন হৈ আছো ৷”

আনহাতে দেওবাৰে বলীউডৰ অভিনেতা অমিতাভ বচ্চনৰ বাসগৃহ জলছা, জনক আৰু প্ৰতীক্ষাৰ সন্মুখৰ পৰা কনটেইনমেন্ট জ’নৰ ফলক আঁতৰাই দিয়ে বিএমচিয়ে ৷ অমিতাভ বচ্চন আৰু পুত্ৰ অভিষেক বচ্চন কৰ’নাত আক্ৰান্ত হোৱাৰ পিছত সমগ্ৰ ঘৰটোক চেনিটাইজাৰ কৰাৰ পিছত কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হৈছিল  ৷ উল্লেখযোগ্য যে ১১ জুলাইত ৭৭ বছৰীয়া অমিতাভ বচ্চন আৰু ৪৪ বছৰীয়া অভিষেক বচ্চনৰ শৰীৰত পোৱা গৈছিল কৰ’না ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰ পিছতেই সেইদিনাই বিয়লিলৈ মুম্বাইৰ নানাৱতী চিকিৎসালয়ত চিকিৎসাধীন হৈছিল দুয়ো পিতা পুত্ৰ । ১২ জুলাইত ঐশ্বৰ্য ৰায় বচ্চন আৰু নাতিনীয়েক আৰাধ্যা বচ্চনৰ শৰীৰতো কৰ’না পজিটিভ পোৱা যায় । যদিও কোনো লক্ষণ দেখা পোৱা নাযায় ৷

কিন্তু ১৭ জুলাইত ঐশ্বৰ্য আৰু আৰাধ্যৰ শৰীৰত অৱনতি ঘটাত দুয়োকে মুম্বাইৰ নানাৱতী চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হয় ।যদিও এতিয়ালৈকে তেওঁলোকৰ স্বাস্থ্যৰ সন্দৰ্ভত কোনো তথ্য জানিব পৰা হোৱা নাই । আনহাতে ১৯৮২ চনত চট্টে পে চট্টা ছবিৰ অভূতপূৰ্ব সফলতাৰ পিছত পৰিচালক ৰাজ এন চিপ্পীয়ে অমিতাভ বচ্চনক জলছা উপহাৰ দিছিল । প্ৰতীক্ষা আছিল বিগ বিৰ প্ৰথম বাসগৃহ ৷ এই বাসগৃহটোৰ নামাকৰণ কৰিছিল অমিতাভ বচ্চনৰ পিতৃ ডা° হৰিবংশ ৰায় বচ্চনে ৷ অমিতাভ বচ্চনৰ তৃতীয়টো বাসগৃহ জনকত অফিচৰ কামৰ কাৰণে ব্যৱহাৰ কৰা হয় ।

Exit mobile version