গোলকীয় মহামাৰীত পৰিণত হোৱা ক’ভিড-১৯ৰ সংক্ৰমণৰ ফলত সম্প্ৰতি বিশ্বজুৰি সকলোবোৰ শিক্ষানুষ্ঠান বন্ধ হৈ আছে ৷ আমেৰিকাত ক’ভিড১৯ৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাছতো মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হঠাতে দেশখনৰ সকলোবোৰ বিদ্যালয়, ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি কৰিবলৈ নিৰ্দেশনা জাৰি কৰিলে ৷ কিন্তু যিখন বিদ্যালয়ত ট্ৰাম্পৰ কনিষ্ঠ পুত্ৰই অধ্যয়ন কৰে সেই বিদ্যালয়তে বৰ্তমানৰ পৰিস্থিতিত বিদ্যালয় খোলা নহ’ব বুলি স্পষ্ট কৰি দিয়ে । এক বিবৃত্তিযোগে এই কথা স্পষ্ট কৰি দিয়ে বিদ্যালয়খনে ৷
উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্ৰাম্পে বাৰে বাৰে দেশৰ সকলো বিদ্যালয় পুনৰ মুকলি কৰিবলৈ আৰু ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ যাবলৈ আহ্বান জনাই আছে ৷ মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীৰ মতে পাঁচকোটি ছাত্ৰ-ছাত্ৰীক অনিৰ্দিষ্টকাললৈ শিক্ষাৰ পৰা আঁতৰাই ৰাখিব নোৱাৰি ৷ বিদ্যালয় পুনৰ মুকলি নকৰিলে তেনে বিদ্যালয়ক চৰকাৰী পুঁজিৰ পৰা বঞ্চিত কৰা হ’ব বুলি সকিয়াই দিছে ট্ৰাম্পে ৷ অৱশ্যে ট্ৰাম্পৰ এনে সকিয়নীকো উপেক্ষা কৰিছে আমেৰিকাৰ বহু বিদ্যালয়ে।