কৰ’নাই বিশ্বৰ সবাতোকৈ ভয়ংকৰ জৰুৰী অৱস্থা, বিপদ এতিয়াও বাকী : হু

examining coronavirus covid 19 medical samples on kits novel corona picture id1213671473

কৰ’না ভাইৰাছৰ কবলৰ পৰা ৰক্ষাৰ বাবে অধীৰ আগ্ৰহেৰে প্ৰতিষেধকলৈ অপেক্ষা কৰি আছে বিশ্ববাসীয়ে । তেনে সময়তে আতংকগ্ৰস্ত লোকৰ উদ্বেগ বৃদ্ধি কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই । কৰ’না ভাইৰাছক বিশ্বৰ ভয়ংকৰতম মহামাৰীৰ আখ্যা দিয়াৰ লগতে ‘হু’ৰ তৰফৰ পৰা কোৱা হৈছে যে ইয়াৰ কবলৰ পৰা শীঘ্ৰেই মুক্তিৰ সম্ভৱনা একেবাৰে কম ।

এই কথা ঘোষণা কৰিয়ে ‘হু’ৰ সঞ্চালক প্ৰধান ট্ৰেড’ছ এধানম ঘেব্ৰিয়েছাছে নির্বিধায় স্বীকাৰ কৰিলে, ‘কৰ’না ভাইৰাছেই বিশ্বৰ ইতিহাসত ভয়ংকৰতম মহামাৰী। ইয়াতকৈ অধিক আপৎকালীন পৰিস্থিতিত বিশ্ব স্বাস্থ্য সংস্থাই পূৰ্বে কেতিয়াও কেতিয়াও পৰিবলগীয়া হোৱা নাছিল ।’

উল্লেখ্য যে কৰ’নাৰ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাই ছোৱাইন ফ্লু, জিকা ভাইৰাছ, পলিঅ’ সংক্ৰমণ আৰু দুবাৰ ইব’লা সংক্ৰমণৰ সময়ত বিশ্বজুৰি স্বাস্থ্য ক্ষেত্ৰত জৰুৰী অৱস্থা ঘোষণা কৰিছিল। কিন্তু সেই পাচঁবাৰত পৰিস্থিতি ইমান ভয়াবহ হোৱা নাছিল।

Exit mobile version