■ কাছাৰ বন বিভাগৰ বন্যজন্তু উদ্ধাৰৰ ক্ষেত্ৰত এক বৃহৎ সাফল্য লাভ ।
■ বন বিষয়াই এই সন্দৰ্ভত কয় যে মিজোৰামৰ পৰা অহা এছ টি ০৮ ইউ বি ১৬২২ নম্বৰৰ এখন বন্যজন্তু সৰবৰাহকাৰী ট্ৰাকৰ পৰা মঙলবাৰে নিশা প্ৰায় ১১.৩০ বজাত বনকৰ্মীয়ে এটা কেংগাৰু, ছটাকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ ভাটৌ আৰু তিনিটা কাছ সহ দুটাকৈ বান্দৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
■লগতে নৰচিমহা ৰেড্ডী নৱনাথ টুকুৰাম দাগুৰে নামৰ দুজন চোৰাংচিকাৰীক আটক কৰে।
■ চোৰাংচিকাৰী দুটাৰ পৰা পোৱা তথ্য মতে, বন্যজন্তু কেইটা কাছাৰ হৈ গুৱাহাটীলৈ গোপনে সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল।
■ অবৈধ বন্যজন্তু সৰবৰাহৰ তথ্য উদ্ধাৰৰ বাবে লায়লপুৰৰ পৰা অহা ট্ৰাকৰ নিয়মীয়া তালাচী অব্যাহত ৰাখিছিল আৰু এই তালাচী অভিযানতে সৰবৰাহকাৰী দলটোক আটক কৰিবলৈ সক্ষম হয়।
■ প্ৰথমাৱস্থাত সোধা পোচা কৰাত ফলমূল আছিল বুলি কয় যদিও পিছত ট্ৰাকখনত তালাচী চলোৱাত উদ্ধাৰ হয় উক্ত বন্যজন্তু কেইটা।