সুশান্ত সিং ৰাজপুতৰ পৰিয়াল আৰু অভিনেত্ৰী তথা সুশান্তৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীৰ পৰিয়ালৰ মাজত হোৱা যুদ্ধখনে সম্প্ৰতি বিভিন্ন ধৰণৰ তথ্য উৎস দিছে ৷ ইয়াৰ মাজতে ২৫ জুলাইত সুশান্তৰ পিতৃয়ে ৰাজীৱ নগৰৰ আৰক্ষী থানাত ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে ৷
২৯ জুলাইত এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ বিহাৰৰ পুলিচ মুম্বাইত উপস্থিত হয় । সম্প্ৰতি সুশান্ত আত্মহত্যাৰ এই ঘটনা কেৱল দুটা পৰিয়ালৰে বিবাদ হিচাপে পৰিগণিত হোৱাতকৈ মহাৰাষ্ট্ৰ আৰু বিহাৰৰ মাজত হোৱা যুদ্ধ হিচাপে পৰিগণিত হৈছে ।
আনহাতে সুশান্তৰ পিতৃয়ে বিহাৰত ৰিহাৰ বিৰুদ্ধে দিয়া গোচৰৰ পিছতে ৰিয়াই এই সমগ্ৰ ঘটনা পাটনাৰ পৰা মুম্বাইৰ আনিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপে ৷ জেষ্ঠ অধিবক্তা মুকুল ৰ’স্তোগীৰ তত্বাৱধানত ৰিয়াৰ আবেদন বিহাৰ চৰকাৰে খাৰিজ কৰে । সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা পিছত আগবঢ়া কেইটামান বিশেষ তথ্য হৈছেঃ
- সুশান্তৰ বেংক একাউণ্টৰ সকলো তথ্য সম্ভেদ ল’বলৈ ৰিয়া চক্ৰৱৰ্তীৰ বাসগৃহত উপস্থিত হয় বিহাৰ আৰক্ষী ৷
- আনহাতে সুশান্তৰ চি এ সন্দীপ শ্ৰীধৰে কয় যে সুশান্তৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি ৰিয়া চক্ৰৱৰ্তীৰ একাউণ্টলৈ কোনো ধন টেন্সফাৰ কৰা নাই । লগতে সুশান্তৰ একাউন্টত প্ৰায় ৬ কোটিহে আছিল ।
- মুম্বাইৰ আৰক্ষীয়েও সুশান্তৰ বেংক একাউণ্ট তদন্ত কৰে ।সুশান্তৰ বেংকৰ সকলো তথ্য ল’বলৈ বিহাৰৰ আৰক্ষীয়েও যৎপৰোনাস্তি চেষ্টা কৰি আছে ৷
- উচ্চতম ন্যায়ালয়ৰ পিটিশ্যন অনুসৰি ৰিয়া চক্ৰৱৰ্তী প্ৰায় এবচৰ সুশান্তৰ লগত লিভ ইন ৰিলেশ্যনত আছিল ৷ ৰিয়াৰ মতে সুশান্ত প্ৰায় এবছৰ হতাশাত ভূগি আছিল।
- সুশান্ত সিং ৰাজপুতৰ বন্ধু সিদ্ধাৰ্থ পিথানিয়ে ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে ষ্টেট মেন্ট দিছে ।
- আনহাতে সিদ্ধাৰ্থ পিথানিৰ ষ্টেটমেন্টক বিহাৰ পুলিছে ৰেকৰ্ড কৰিছে। আনহাতে মুম্বাইৰ পুলিচেও সিদ্ধাৰ্থৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিছে।
- ইতিমধ্যে বিহাৰ পুলিচে সুশান্তৰ প্ৰাক্তন প্ৰেমিকা অংকিতা লোখণ্ডেৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিছে ৷ অংকিতাৰ মতে সুশান্ত কেতিয়াও হতাশাত ভূগিবই নোৱাৰে ৷
- উল্লেখযোগ্য যে সুশান্তৰ সমগ্ৰ ঘটনা চি বি আইয়ে তদন্ত কৰা দাবী কৰি তুলিছে বহু লোকে ৷ ইয়াৰ ভিতৰত ড° সুব্ৰমণিয়াম স্বামী, জ্যেষ্ঠ বিজেপি নেতা আশিস শেহলাৰেও সুশান্তৰ আত্মহত্যাত চিবিআইৰ তদন্ত বিচাৰিছে।
- আনহাতে ১৪ জুনত মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত আত্মহত্যা কৰে সুশান্ত সিং ৰাজপুতে ৷ ইতিমধ্যে মুম্বাইৰ পুলিচে প্ৰায় ৪০ জন লোকক এই সন্দৰ্ভত জেৰা কৰিছে ।