তলাবন্ধৰ সময়চোৱাত তেজপুৰৰ দ পৰ্বতীয়া অঞ্চলৰ ললিত বৰা আৰু পূৰ্ণিমা বৰাৰ পুত্ৰী চয়নিকা সৃষ্টি বৰাই ‘অসম বুক অফ ৰেকৰ্ড’ত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছে । যোৱা ২২ জুলাই তাৰিখে চয়নিকাই এই সন্মান লাভ কৰে। পেলনীয়া সামগ্ৰী যেনে বটল, ভগা কাপ-প্লেট , পুৰণি লেম আৰু কেটলি, কোলা আদিত বিভিন্ন ধৰণৰ ছবি আঁকি ৬০ তাতকৈ অধিক বটলত বিভিন্ন ধৰণৰ ডিজাইন কৰিছে ।
পেলনীয়া সামগ্ৰীক কেনেদৰে নতুনত্ব ৰূপ দিব পাৰি তাৰ ওপৰত ভিত্তি কৰি কৰা চয়নিকাৰ এই প্ৰচেষ্টাক সকলোৱে আদৰণি জনাইছে । চয়নিকাই কোনো প্ৰশিক্ষণ নোলোৱাকৈ ১৯ বছৰ বয়সৰ পৰা আৰম্ভ কৰিছিল এই কামসমূহ। প্ৰাপ্ত তথ্য মতে চয়নিকা এগৰাকী ভৌতিক চিকিৎসা বিজ্ঞানৰো ছাত্ৰী । অনাগত দিনত এনেদৰে নতুন নতুন কামবোৰ কৰি তেওঁ পেলনীয়া সামগ্ৰীৰ নতুনত্বৰে এখন প্ৰদূষণমুক্ত ভাৰত গঢ়াৰ সপোন দেখিছে । লগতে এনধৰণৰ কামবোৰে যুৱ প্ৰজন্মৰ মাজত এক নতুন সাফল্যৰ সৃষ্টি কৰিব বুলি তেওঁ আশাবাদী । চয়নিকাৰ এই সাফল্যই গোটেই তেজপুৰবাসীলৈ সন্মান কঢ়িয়াই আনিছে ।