কৰ’না বিৰোধী যুঁজৰ প্ৰথম শাৰী যোদ্ধা তথা অসম আৰক্ষীৰ ৮৯ জন বিষয়া-জোৱান পুনৰ বৃহস্পতিবাৰৰ দিনটোত কৰ’নাত আক্ৰান্ত হৈছে | অসম আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি বৃহস্পতিবাৰ পৰ্যন্ত মুঠ ১,৪২৬ জন বিষয়া-জোৱান ক’ভিড-১৯ত আক্ৰান্ত হৈছে |
ADVERTISEMENT
ইয়াৰে ১, ০৪৮ জন সুস্থ হৈ উঠাৰ বিপৰীতে চাৰিজনে মৃত্যুক আঁকোৱালি লৈছে | সুস্থ হৈ উঠা সকলৰ ভিতৰত বুধবাৰ পৰ্যন্ত ২৪৫ জন বিষয়া-জোৱানে পুনৰ কৰ্মক্ষেত্ৰত যোগদান কৰিছে |
উল্লেখ্য যে এই আক্ৰান্তসকলৰ ভিতৰত আছে ৰাজ্যিক সশস্ত্ৰ বাহিনী, জিলা কাৰ্যনিৰ্বাহক বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী বিষয়া-জোৱানৰ লগতে দেহৰক্ষী বাহিনীৰ জোৱান |