কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এচ য়েডুৰপ্পাৰ দেহত ক’ভিড-১৯ পজিটিভি

YEDIYURAPPA

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এচ য়েডুৰপ্পাৰ দেহত দেওবাৰে নিশা ক’ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰে । টুইটাৰ যোগে এই কথা সদৰী কৰি কয় যে, তেওঁ বৰ্তমান প্ৰায় সুস্থ, কিন্তু ডাক্তৰৰ পৰামৰ্শ অনুসৰি হস্পিতালত চিকিৎসাধীন অৱস্থাত আছে । অন্যহাতে, তেওঁৰ কন্যাৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ বিপৰীতে তেওঁৰ পুত্ৰৰ ক’ভিড পৰীক্ষাত নিগেটিভ ধৰা পৰে।

মুখ্যমন্ত্ৰীগৰাকীৰ মিডিয়া বিশেষজ্ঞৰ দলটোৰ পৰা পোৱা সূত্ৰ অনুসৰি ৭৭ বছৰীয়া মুখ্যমন্ত্ৰীগৰাকী বৰ্তমান মণিপাল হস্পিতালত চিকিৎসাধীন হৈ আছে। তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক ক’ভিড পৰীক্ষা কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।

Exit mobile version