অনাগত তিনিবছৰত সম্পূৰ্ণ হৈ উঠিব ৰাম মন্দিৰ ৷৬৭ একৰ ভূমিৰ ২ একৰত নিৰ্মাণ হ’ব মন্দিৰটো৷বাকী ৬৫ একৰত বিস্তাৰিত হ’ব মন্দিৰৰ পৰিসৰ ৷লগতে থাকিব পাঁচটা মণ্ডপ আৰু এটা মূখ্য শিখৰ ৷আনহাতে সমগ্ৰ অযোধ্যাৰ পৰা প্ৰত্যক্ষ কৰিব পাৰিব ঐতিহাসিক ৰাম মন্দিৰ ৷
দেশত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যাই অতিক্ৰম কৰিলে ১৮ লাখৰ ঘৰ ৷বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ৫২,০৫০ জন লোক ।আনহাতে মৃত্যু হৈছে ৮০৩ জন লোক। উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি দেশত প্ৰতিদিনে ৫০ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে কৰ’নাত ৷
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ জীয়ৰীৰ দেহত ক’ভিড১৯ পজিটিভ ওলোৱাৰ পিছত সম্প্ৰতি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ আৰু ছয়জন কৰ্মচাৰীৰ দেহত কৰ’না পজিটিভ ওলাইছে ৷সকলোকে বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
পুনৰ সুশান্ত সিং ৰাজপুতৰ একাউণ্টৰ পৰা ৫০ কোটি টকা নিৰুদ্দেশ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত সম্প্ৰতি বিহাৰ পুলিচে প্ৰশ্ন কৰিছে মুম্বাইৰ পুলিছক ৷উল্লেখযোগ্য যে অভিনেতাজনৰ মৃত্যুক লৈ দুয়োখন ৰাজ্যৰ আৰক্ষীৰ মাজত তীব্ৰ বাকযুদ্ধ অব্যাহত আছে ৷
২০১৯ বৰ্ষৰ ইউ পি এছ চি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে ৷এই পৰীক্ষাত প্ৰথম প্ৰদীপ সিং,দ্বিতীয় স্থানত আছে যতীন কিশোৰ আৰু তৃতীয় স্থানত আছে প্ৰতিভা বৰ্মা। আনহাতে এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল জুন মাহত।
চলিত বৰ্ষত কাজিৰঙাৰ বানত ১৮ টাকৈ গড়ৰ মৃত্যু হোৱাৰ বিপৰীতে ছয়টাকৈ বনৰীয়া ম’হৰ মৃত্যু হৈছে ৷ইফালে কাজিৰঙাত বানত মৃত্যু হোৱা প্ৰাণীৰ ভিতৰত সৰ্বাধিক হ’ল সুগুৰি পহু ।এই বৰ্ষত বাহনৰ আঘাতত মৃত্যু হৈছে ২১ টা বন্য প্ৰাণীৰ।