Kaziranga:
শীতৰ আগমনৰ লগে লগে পৰিভ্ৰমী চৰাইৰ কলৰৱে মুখৰিত কৰি তোলে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ খাল- বিল ৷ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অধীনৰ ভোলাকাটা বিলত ইতিমধ্যে পৰিভ্ৰমী চৰাইৰ পয়োভৰ বৃদ্ধি পাইছে ৷ পৰিভ্ৰমী চৰাইৰ আগমনৰ লগে লগে একাংশ লোকে চৰাই চিকাৰ কৰিবৰ বাবে সংগোপনে ভোলাকাটাৰ বিভিন্ন স্থানত বাহৰ পাতিছে। শেহতীয়াকৈ ভোলাকাটা বিলত চৰাই চিকাৰৰ অপৰাধত ৫ চোৰাং চিকাৰীক বনৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত চিকাৰীৰ পৰা সজাত আবদ্ধ কৰি ৰখা বহু কেইটা দুৰ্লভ প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী জব্দ কৰে I
ADVERTISEMENT


































