অযোধ্যাত ৰাম মন্দিৰ স্থাপন হ’ব ।সেই আশাতেই সুদীর্ঘ ২৮ বছৰ অপেক্ষাত আছে জব্বলপুৰৰ উৰ্মিলা দেৱী নামৰ মহিলা গৰাকী ।মনৰ আশা পূৰ্ণ হোৱাৰ বাবে এই মহিলাগৰাকীয়ে ত্যাগ কৰিছে জীৱনৰ সকলো সুখ ।১৯৯২ ৰে পৰা এটাও অনুদানা গ্ৰহণ কৰা নাই উৰ্মিলাই।এদিন ৰাম মন্দিৰ দেখাৰ আশাতে পাৰ্যমানে পূজা-পাঠ কৰি যোৱাৰ সমান্তৰালভাৱে আত্মবিশ্বাস বৃদ্ধি কৰি গৈছিল মনৰ ।
জীৱন কালতে ৰাম মন্দিৰ দেখা পাব বুলি একপ্ৰকাৰ শক্তিশালী কৰি তুলিছিল মনক ।বৰ্তমান মহিলা গৰাকীৰ বয়স ৮১ বছৰ ।অহা পাঁচ আগষ্টত ৰাম মন্দিৰৰ ভূমিপূজাৰ পাছত ২৮ বছৰ ধৰি অব্যাহত ৰখা উপবাসকো তেওঁ অন্ত পেলাব।২৮ বছৰৰ অন্তত এতিয়া মহিলাগৰাকীয়ে পুনৰ মুখত অন্ন দিব ।১৯৯২ ত ৰাম মন্দিৰ,বাবৰি মছজিদক লৈ সৃষ্টি হোৱা চূড়ান্ত বিতৰ্কৰ দিনটোৰ বিষয়ে নতুনকৈ আৰু দোহৰাৰ প্ৰয়োজন নাই ।সেই দিনটোতে মহিলাগৰাকীয়ে ৰামৰ নামত প্ৰতিজ্ঞা কৰিছিল যে যিমান দিনলৈ অযোধ্যাতে ৰাম মন্দিৰ নিৰ্মাণ হৈ নুঠে সেই সময়লৈ অন্ন গ্ৰহণ নকৰে।
এই সুদীৰ্ঘ সময়ছোৱাত জীৱন ধাৰণৰ বাবে মহিলাগৰাকীয়ে দৈনিক সামান্য গাখীৰ তথা ফল-মূলৰ খাদ্য হিচাপে গ্ৰহণ কৰি আহিছে।তেওঁ যাতে অসুস্থ হৈ নপৰে তাৰ বাবে দৃষ্টি দি অহাৰ লগতে পৰ্যাপ্ত যত্ন যত্ন লৈ আহিছে পৰিয়ালৰ সদস্যসকলে।উৰ্মিলা দেৱীয়ে অযোধ্যালৈ গৈ ৰাম মন্দিৰৰ ভূমি পূজাত অংশগ্ৰহণৰ বাবে প্ৰস্তুত হৈছিল; কিন্ত কৰ’না সংকটৰ বাবে পৰিয়ালৰ সদস্যৰ বুজনিত ভিডিঅ’ যোগে ভূমিপূজন প্ৰত্যক্ষ কৰিবলৈ মান্তি হয় ।




































