অপেক্ষাৰ অন্ত পৰিলঃ অনুষ্ঠিত হ’ল ৰাম মন্দিৰৰ ভূমি পূজন

1596611325 pm modi in ayodhya 18 e1596611334293

অৱশেষত বহু প্ৰতীক্ষাৰ অন্ত পেলাই সম্পন্ন হ’ল ৰাম মন্দিৰৰ ভূমিপূজনৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে এই ভূমি পূজনত উমা ভাৰতী, যোগী আদিত্যনাথৰ লগতে আন বহু ধৰ্মীয় গুৰুয়ে ভাগ লয় । কৰ’না প্ৰতিৰোধৰ সকলো নীতি নিয়ম মানি অনুষ্ঠিত কৰা এই ভূমি পূজন সমগ্ৰ দেশবাসীৰ কাৰণে ঐতিহাসিক দিন ।

ইপিনে সীমিত সংখ্যক লোকেৰে অনুষ্ঠিত কৰা আজিৰ ৰাম মন্দিৰৰ ভূমি পূজনত আমন্ত্ৰিত লোকসকলক দিয়া হ’ব এক বিশেষ উপহাৰ ৷ অতিথিক প্ৰসাদৰ লগত ৰঘূপতি টিফিনত দিয়াৰ উপৰিও তীৰ্থক্ষেত্ৰৰ প্ৰতীক অংকিত ৰূপৰ মুদ্ৰা দিয়া হ’ব  ৷

অন্যহাতে ৰাম মন্দিৰৰ ভূমি পূজনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত লোকসকলক সম্বোধন কৰি কয় “মোৰ ইয়ালৈ অহাটো স্বাভাৱিক ৷ আজি সোমনাথৰ পৰা বিশ্বনাথ,বোধগয়াৰ পৰা সাৰনাথ,অমৃতসৰৰ পৰা কাশী বিশ্বনাথলৈ সকলো ৰাম ময় হৈ পৰিছে । কোটি কোটি ভাৰতীয়লৈ এই ঐতিহাসিক মূহুৰ্তৰ পৰাই প্ৰণাম তথা শুভেচ্ছা ৷ আজি সমগ্ৰ ভাৰত আবেগিক হৈ পৰিছে ৷ কোটি কোটি লোকৰ বছৰ বছৰ যোৱা অপেক্ষাৰ আজি অন্ত পৰিল । মোৰ সোভাগ্য যে মোক ৰাম জন্মভূমি এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ আমন্ত্ৰণ জনালে ৷ গতিকে ৰাম মন্দিৰৰ ট্ৰাষ্টলৈ ধন্যবাদ জ্ঞাপন কৰিলো ।” লগতে মোদীয়ে কয় যে ভাঙি গৈ পুনৰ গঠন হোৱা পৰম্পৰাৰ যেন বহিঃপ্ৰকাশ ৰাম মন্দিৰ ।

Exit mobile version