অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণক লৈ দেশবাসীৰ অভূতপূৰ্ব সহাঁৰি

WhatsApp Image 2020 08 05 at 6.12.51 PM

দেশৰ পাঁচশ বছৰীয়া প্ৰতীক্ষাৰ অন্তত আজি অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণক লৈ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমি পূজন আৰম্ভ কৰিছে ৷ ইয়াকে লৈ দেশবাসী জনসাধৰণে যথেষ্ট উৎসাহী হোৱা দেখা গৈছে ৷ ইয়াৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰী ৷ আজি মধ্য গুৱাহাটী উন্নয়ন সমিতিয়ে ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পূজাক লৈ পল্টনবজাৰত এক পূজা-অৰ্চনাৰ অনুষ্ঠানৰ আয়োজন কৰে ৷

পূজা অনুষ্ঠানত প্ৰাক্তন সাংসদ ৰমেন ডেকা, মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক ৰাজীৱ দাস উপস্থিত থাকে ৷ এই সন্দৰ্ভত ৰমেন ডেকাই কয়, ভগৱান ৰামচন্দ্ৰই সমগ্ৰ দেশবাসীৰ মাজত শান্তি- সম্প্ৰতি কঢ়িয়াই আনিব । উল্লেখ্য যে পল্টনবজাৰ বিভিন্ন স্তৰৰ প্ৰায় শতাধিক ভক্তপ্ৰাণ ৰাইজে পূজাস্হলীত উপস্থিত থাকি দেশৰ মংগলৰ কাৰণে ভগৱান ৰামচন্দ্ৰৰ ওচৰত আশীৰ্বাদ লয় ৷

সন্ধিয়া মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ তৰফৰ পৰা কে’বা শতাধিক বন্তি প্ৰজ্বলন কৰা হ’ব বুলি সাধৰণ সম্পাদক ৰাজীৱ দাসে জনাই ৷ একেদৰে অযোধ্যাৰ ভূমি পূজনক লৈ বিশ্ব হিন্দু পৰিষদ মহানগৰ সমিতিৰ উদ্যোগতো মহানগৰীৰ ভিন্ন প্ৰান্তত লাল গণেশ , হেঙেৰাবাৰী, খানাপাৰা, পাথৰকুৱেৰী, বামুণী মৈদামকে ধৰি ভিন্ন প্ৰান্তত হোমযজ্ঞ অনুষ্ঠিত কৰা হয়।

 

Exit mobile version