ঠেলামৰাত সংঘৰ্ষ: উপায়ুক্তৰ বাহনত আক্ৰমণ

New Sonitpur DC takes charge

শোণিতপুৰৰ ঠেলামৰাত আৰক্ষী থানাৰ অন্তৰ্গত ভৰাশিঙৰি শিৱ মন্দিৰলৈ বজৰং দলৰ একাংশ সদস্যই কৰি যোৱা মটৰচাইকেলৰ সমদলকাৰী আৰু গৰুডোবা অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু লোকৰ মাজত হোৱা সংঘৰ্ষৰ সন্দৰ্ভত শোণিতপুৰৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ তেজপুৰত আজি নিশা প্ৰায় আঠ বজাত উপায়ুক্ত গৰাকীয়ে কয় যে এটা দলে কোনোধৰণৰ প্ৰশাসনীয় অনুমতি নোলোৱাকৈ ভৰা শিমলুৰ ধৰ্মীয় উপাসনাস্হলীলৈ যোৱাৰ পথত প্ৰথমে মটৰচাইকেল সংঘৰ্ষ হোৱাক লৈ বিবাদৰ সূত্ৰপাত ঘটে ৷

এই বিবাদেই পাছত সাম্প্ৰদায়িক সংঘৰ্ষৰ দিশত গতি কৰে বুলি মন্তব্য কৰি উপায়ুক্ত গৰাকীয়ে আৰু কয় যে দুয়োটা পক্ষই পাছত সংঘৰ্ষত লিপ্ত হয় ৷ উপায়ুক্ত গৰাকীয়ে কয় যে এই সময়ত সংঘৰ্ষত লিপ্ত হোৱা সকলে তিনি চাৰিখন মটৰচাইকেল, এখন মেজিক জ্বলাই দিয়ে ৷ উল্লেখযোগ্য যে, শোণিতপুৰৰ আৰক্ষী অধীক্ষক সহ উচ্চপদস্থ বিষয়া বৰ্গৰ উপস্থিতিত নিৰাপত্তা বাহিনীয়ে পৰিস্থিতি কথমপি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় যদিও উত্তেজনা বৰ্তমানেও অব্যাহত আছে ৷

ইপিনে ঘটনাস্থলীত উপস্হিত হোৱা শোণিতপুৰৰ উপায়ুক্ত গৰাকীৰ লগতে ঢেকিয়াজুলি ৰাজহ চক্ৰ বিষয়াৰ বাহনত ঘটনাস্হলীৰ পৰা উভটি অহাৰ সময়ত গৰুডোবাত নিশা প্ৰায় সাত বজাত তেওঁলোকৰ বাহনৰ ওপৰতো আক্ৰমণ চলায় ৷ বাঁহ, শিল নিক্ষেপৰ এই ঘটনাত প্ৰশাসনীয় বিষয়া দুগৰাকীৰ ক্ষতি নহ’ল যদিও উপায়ুক্তৰ বাহনৰ লগতে তেওঁৰ নিৰাপত্তাৰক্ষীৰ বাহনৰ ক্ষতি সাধন হয় ৷ এই ঘটনা নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে ৷

উপায়ুক্ত সিঙে সংবাদমাধ্যমৰ আগত তেজপুৰত কয় যে, আন্ধাৰৰ বাবে এইসকল আক্ৰমণকাৰী কোন সেয়া নিশ্চিত নহয় যদিও দোষী শীঘ্ৰেই কৰায়ত্ত হ’ব ৷ উপায়ুক্ত গৰাকীয়ে এই সমগ্ৰ ঘটনা ব্যক্তিগত পৰ্যায়ত আৰম্ভ হৈ পিছত সাম্প্ৰদায়িক ৰূপ লোৱা বুলি মন্তব্য কৰি কয় যে ৰামন্দিৰৰ ভূমি পূজনৰ স’তে সংগতি ৰাখি মটৰচাইকেলৰে যোৱা যুৱক সকল ভৰা শিঙৰিৰ মন্দিৰলৈ যোৱাৰ সময়ত ধৰ্মীয় সংখ্যালঘু অঞ্চলত ধ্বনি দিয়াৰ বাবেই ঘটনাৰ সূত্ৰপাত ঘটে বুলি একাংশই কোৱা শুনিছে যদিও ইয়াৰ আঁৰৰ কাৰণ এতিয়ালৈকে নিশ্চিত নহয় ৷

উপায়ুক্ত গৰাকীয়ে তদন্তৰ পাছতহে প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি উল্লেখ কৰি জগৰীয়া সকলো পক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয় ৷ উপায়ুক্ত গৰাকীয়ে সকলো পক্ষকে শান্তি সম্প্ৰীতি অটুত ৰখাৰ আহ্বান জনাইছে ৷ ইপিনে স্হানীয় লোকৰ মতে, বজৰং দলৰ ঢেকীয়াজুলি বিশ জনীয়া সদস্যৰ দল এটা ভৰা শিঙৰীৰ চুটিপাহাৰ অৱস্থিত হৰগৌৰী দেৱালয় দৰ্শন কৰিবলৈ যায় ৷

দুপৰীয়া হৰগৌৰী দেৱালয় দৰ্শন কৰাৰ পিছত যুৱককেইজন চুটিপাহাৰৰ পৰা তললৈ নামি আহে আৰু গৰুডুৱা কেন্দ্ৰৰ দিশে ৰাওনা হয় ৷ এনে সময়তে ভৰা শিঙৰী চেন্টাৰত এই আক্ৰমণৰ ঘটনা সংঘটিত কৰে ৷ প্ৰাপ্ত তথ্য মতে, দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত বনমালী নন্দ, স্বৰ্ভন তাতী, বিশ্বজিত সৰকাৰ, দীপেন পৰাজুলি, চন্দন ভণ্ডাৰী, ফনীন্দ্ৰ চামলাগাই, বিনোদ তাতী, ক্ষিৰোদ নাগ, কৰণ সাগৰ, নিলম বাগ আদি কম-বেছি পৰিমাণে আহত হয় ৷ এই ঘটনাৰ খবৰ পোৱাৰ পিছতেই ঠেলামৰা আৰক্ষী থানাৰ আৰক্ষীৰ লগতে অৰ্ধ সামৰিক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ আহত যুৱক কেইজনক উদ্ধাৰ কৰে ৷

ইপিনে, এই ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে গৰুডুৱা কেন্দ্ৰত আবেলি পৰত একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ আবেলি পৰত গৰুডুৱা কেন্দ্ৰত একাংশ উত্তেজিত লোকে ভৰা শিঙৰীৰ চাৰিজন যুৱকক আটক কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যদিও আৰক্ষীৰ দল তৎক্ষণাত উপস্থিত হৈ ভৰা শিঙৰী গাওঁৰ এই যুৱক চাৰিজনক উদ্ধাৰ কৰে ৷

Exit mobile version