মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত দলিত পৰিয়াললৈ দিয়া হ’ল ৰাম মন্দিৰৰ প্ৰথম প্ৰসাদ

f895d70388f5a70a4031bd25420bd8f61afd1cd08e2bb16ceaacf3df580e9584

বুধবাৰে অযোধ্যাত হোৱা ভূমি পূজনৰ পিছত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ফালৰ পৰা দিয়া প্ৰসাদৰ ভাগ প্ৰথমে লাভ কৰে এটা দলিত পৰিয়ালে ৷ এই কথা সদৰী কৰে মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা শলভমণি ত্ৰিপাঠীয়ে । এই প্ৰসাদত আছে লাডু, ৰামচৰিত মানস আৰু তুলসীৰ মালা ৷

উল্লেখযোগ্য যে ভূমিপূজনৰ পিছত প্ৰথম প্ৰসাদ পঠোৱা মহাবীৰ হৰিজনৰ ঘৰলৈ পূৰ্বতেও গৈছে যোগী আদিত্য নাথ । মিডিয়া উপদেষ্টা ত্ৰিপাঠীয়ে কয় ” প্ৰধানমন্ত্ৰী আবাস যোজনাৰ পৰা বাসগৃহ লাভ কৰা মহাবীৰ হৰিজনৰ ঘৰত খাদ্য গ্ৰহণ কৰিছিল যোগী আদিত্যনাথে । “অলী বজৰংগবলী”ৰ নিৰ্বাচন আয়োগৰ দ্বাৰা কৰা প্ৰচাৰৰ ওপৰত ৭২ ঘন্টাৰ কাৰণে দিয়া প্ৰতিবন্ধকতাত যোগী আদিত্যনাথে মহাবীৰৰ ঘৰৰ খাদ্য গ্ৰহণ কৰিছিল ।

আনহাতে, প্ৰসাদ লাভ কৰাৰ পিছত মহাবীৰে কয় “মই দলিত ৷ মুখ্যমন্ত্ৰীয়ে প্ৰথম প্ৰসাদ মোক আৰু মোৰ পৰিয়ালক দিছে । তেওঁ মোক মনত ৰখাৰ কাৰণে মই তেওঁক ধন্যবাদ দিব বিচাৰিছো ৷ লগতে তেওঁ কয় “এইয়া মোৰ কাৰণে বহুত ডাঙৰ সুখ ৷ প্ৰথমতে ৰাম মন্দিৰৰ সন্দৰ্ভত আমাৰ সকলোৰে সপোনবোৰ পূৰণ হৈছে । দ্বিতীয়তে আমি প্ৰথমে প্ৰসাদ লাভ কৰিছো । মই আশা কৰিছো যে দেশত ভেদ-ভাৱৰ অন্ত পৰিব আৰু সকলোৱে প্ৰগতি আৰু কল্যাণৰ পথেৰে আগবাঢ়ি যাব ।”

ইপিনে অযোধ্যাৰ এগৰাকী জ্যেষ্ঠ পুৰোহিতে কয় যে ক’ভিড-১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অযোধ্যাৰ ভূমি পূজনত বহু কম সংখ্যক লোকক আমন্ত্ৰিত কৰা হৈছিল ৷ সম্প্ৰতি শ্ৰী ৰামজন্মভূমিৰ তীৰ্থক্ষেত্ৰৰ ট্ৰাষ্ট আৰু প্ৰশাশনে সম্প্ৰতি লোক সকলৰ মাজত প্ৰসাদ বিতৰণ কৰিছে ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অযোধ্যাত প্ৰথম প্ৰসাদ দিয়া হৈছে দলিত পৰিয়াল মহাবীৰৰ পৰিয়ালত । লগতে ভূমিপূজনলৈ আমন্ত্ৰিত সকলো লোককে ৰাম দৰবাৰৰ চিত্ৰ আৰু ট্ৰাষ্টৰ ল’গ’ অংকিত চিক্কা দিয়া হৈছে বুলিও সদৰী কৰে ৷

Exit mobile version