নিজে বনোৱা চেকৰে ক্ৰয় কৰিলে বিলাসী গাড়ী

Screenshot 24

ব্যক্তিজনৰ প্ৰথম চেষ্টা সফলতাৰে পাৰ হ’ল । কিন্ত দ্বিতীয় চেষ্টাতেই লাগিল কেনা । ঘটনাটো হ’ল প্ৰৱঞ্চনাৰ । এজন লোকে কম্পিউটাৰতে বনালে এক কোটি টকাৰ চেক । সেই চেকৰ দ্বাৰা ক্ৰয় কৰিলে বিলাসী প’ৰ্ছে গাড়ী ।দ্বিতীয় প্ৰচেষ্টাত হাত দিলে এটা ঘড়ীত । পিছে ইয়াৰ পাছত তেওঁৰ ঠিকনাটো হ’ল ৰঙাঘৰ । ঘটনাটো সংঘটিত হৈছে ফ্ল’ৰিডাত।

ৱাল্টন কাউন্টিৰ বাসিন্দা কেচি উইলিয়াম কেলি নামৰ ৪২ বছৰ বয়সীয়া লোকজনে এইদৰে প্ৰবঞ্ছনাৰে ক্ৰয় কৰে বিলাসী গাড়ী । গাড়ী খনৰ মূল্য এক কোটি । দ্বিতীয় বাৰ ৰ’লেক্স ঘড়ী ক্ৰয় কৰি প্ৰদান কৰিলে চেক । ঘড়ী টোৰ দাম আছিল ৪৬ লাখ । ঘড়ী ক্ৰয় কৰি চেক প্ৰদান কৰোতেই ঘটিল বিপদ । ঘড়ী বিক্রেতাই জাল চেক চিনিব পাৰি খবৰ দিলে আৰক্ষীক । তাৰপাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কেলিক ।

কিন্ত কেলিৰ অভিপ্ৰায় বুজিব পাৰিছিল ঘড়ী বিক্রেতাই । সমান্তৰালভাৱে চেক পৰীক্ষা কৰোৱাৰ লগতে খবৰো দিয়ে আৰক্ষীক । ইতিমধ্যে আৰক্ষীৰ জেৰাত নিজৰ দোষ স্বীকাৰ কৰিছে কেলিয়ে । ঘটনাটো সন্দৰ্ভত ফ্ল’ৰিডাৰ স্থানীয় প্ৰশাসনে এটি ফেচবুক প’ষ্টৰ দ্বাৰা সকলো ৰাজহুৱা কৰিছে ।

Exit mobile version