তেজপুৰত শুকুৰবাৰে দুপৰীয়া ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন হৈছে বাবুল দাস(৩২)নামৰ কামৰূপ মিৰ্জাৰ বিবাহিত যুৱক এজন ৷ উল্লেখযোগ্য যে তেজপুৰৰ তলগেৰেকীৰ পত্নীৰ ঘৰলৈ অহা দাসে এই কেইদিন সমীপৰে ব্ৰহ্মপুত্ৰত বৰশী বাবলৈ গৈ আছিল ৷ দাসে আনদিনাৰ দৰে শুকুৰবাৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ এটা শিলত বহি বৰশী বাই থকা অৱস্থাত আকস্মিক ভাবে পানীত পৰি যায় ৷
তেওঁৰ পত্নীয়ে জনোৱা অনুসৰি, নাৱৰীয়াই প্ৰত্যক্ষ কৰি এই বিষয়ে স্থানীয় লোকক জনাই আৰু শিলটোৰ তলত দাসৰ চেণ্ডেল আৰু ছোলাটো উদ্ধাৰ হৈছে ৷ ইপিনে ঘটনা সন্দৰ্ভত তেজপুৰ আৰক্ষীক খবৰ দিয়াত দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়ে দাসৰ সন্ধানত ব্ৰহ্মপুত্ৰত অভিযান চলাই আছে যদিও এই পৰ্যন্ত দাসৰ সন্ধান ওলোৱা নাই ৷