ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আত্মনিৰ্ভৰশীল অসমৰ অন্যতম নিদৰ্শন দাঙি ধৰিছে এজন যুৱকে।গুৱাহাটীৰ সমীপৱৰ্তী দীপৰ বিলৰ পাৰৰ চকৰ্দৌ কলিতাপাৰাৰ প্ৰমোদ কলিতাই গো-পালনেৰে স্বাৱলম্বীতাৰ পথ লাভ কৰিছে। উচ্চশিক্ষিত হৈ চৰকাৰী চাকৰিৰ আশাত বন্দী নহৈ গো-পালনেৰে কলিতাই স্বাৱলম্বী হোৱাৰ লগতে আন দুজন লোকক সংস্থাপন দিছে। কলিতাই স্বাৱলম্বী ভাবে উপাৰ্জন কৰাৰ সপোন পুহি ৰাখিছিল। যাৰ বাবে ২০০৯-১০ ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ঠিকাভিত্তিক চাকৰি লাভ কৰিও তেওঁ উক্ত চাকৰিত যোগদান নকৰিলে।
পৰৱৰ্তী সময়ত তেওঁ টেণ্ট হাউচৰ ব্যৱসায় আৰম্ভ কৰিলে যদিও কিছু লোকচানৰ সন্মুখীন হয়। হতাশ নহৈ কলিতাই ২০১৭-১৮ ৰ পৰা বাণিজ্যিক ভাবে গো-পালন আৰম্ভ কৰে। চাৰিটা গৰুৰে নিজ ঘৰৰ চৌহদত আৰম্ভ কৰা উক্ত ব্যৱসায়ত বৰ্তমান পোৱালিসহ গৰুৰ সংখ্যা ১০২ টা। দৈনিক প্ৰায় ৫৫ লিটাৰ গাখীৰ উৎপাদন হয় বুলি কলিতাই জানিবলৈ দিয়ে। ইয়াৰে অৰ্ধাংশ কেঁচা গাখীৰ হিচাপে আৰু আন অৰ্ধাংশ দৈ, পনীৰ, ঘি বনাই বিক্ৰী কৰে বুলি কলিতাই কয়। যাৱতীয় খৰচ বাদ দি কলিতাই প্ৰতি মাহে প্ৰায় ২৫ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
এই সন্দৰ্ভত তেওঁ কয়, ” চকৰ্দৌৰ গাতে লাগি থকা বৃহত্তৰ আজাৰা অঞ্চলত গাখীৰ এখন বৃহৎ বজাৰ আছে। বিশেষকৈ বৰঝাৰস্থিত আন্তৰ্জাতিক বিমানবন্দৰ, বি এছ এফৰ ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়, প্ৰথম এন ডি আৰ এফৰ মুখ্য কাৰ্যালয়কে ধৰি বহুসংখ্যক কাৰ্যালয়, প্ৰতিষ্ঠান আৰু শতাধিক হোটেল-ৰেস্তোৰা আছে। য’ত দৈনিক কেইবাশ লিটাৰ গাখীৰৰ প্ৰয়োজন হয়। গতিকে আমাৰ যুৱক সকলে এই ব্যৱসায়ত জড়িত হ’লে নিশ্চয়কৈ লাভান্নিত হব বুলি আশা কৰিব পাৰি।”
অৱশ্যে গো-পালনত লাভৰ মুখ দেখি অঞ্চলটোৰ কেইবাজনো যুৱকে গো-পালনক বৃত্তি হিচাপে গ্ৰহণ কৰিছে বুলি কলিতাই কয়। কলিতাৰ এই ব্যৱসায়ত ঘাঁহ কটা, গৰুক দানা দিয়া, গোঁহালি চাফা কৰা কামত দুজনকৈ লোকক নিয়োগ কৰি উপাৰ্জনৰ পথ দিছে। এই ক্ষেত্ৰত কলিতাৰ পিতৃ-মাতৃ আৰু পত্নী অনামিকা কলিতায়ো তেওঁক যথেষ্ট সহায়-সহযোগ কৰে বুলি তেওঁ জানিবলৈ দিয়ে।
লগতে চকৰ্দৌ উপ স্বাস্থ্য কেন্দ্ৰৰ পশু চিকিৎসক ডাঃ নাৰায়ণ দেউৰী আৰু ৰাণী ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসক ডাঃ ৰাধিকা বড়োয়ে কলিতাক যথেষ্ট সহায়-সহযোগিতা আগবঢ়োৱা বুলিও কলিতাই জানিবলৈ দিয়ে। উল্লেখ্য যে, ২০০৭ ত ধাৰাপুৰৰ পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ পৰা একাউন্টেন্সিক গুৰু বিষয় হিচাপে কলিতাই স্নাতক ডিগ্ৰী লাভ কৰিছিল। ব্যৱসায়ৰ ক্ষেত্ৰখনত জড়িত হোৱাৰ উপৰিও কলিতাই ৰাজহুৱা আৰু সামাজিক কাম কাজতো জড়িত হৈ আছে। তেওঁ ৰংমন টুৰিজিম চছাইটিৰ প্ৰতিষ্ঠাপক সম্পাদক হোৱাৰ উপৰিও নেহৰু যুৱ কেন্দ্ৰ, ট্যুৰ অপাৰেটৰ অৱ আসাম, চকৰ্দৌ উন্নয়ন সমিতি আদিৰ লগত জড়িত হৈ আছে।





























