চাপগড় গাঁওৰ স্থানীয় ৰাইজে আজি পুৱাৰ ভাগত এটা হৰিণা প্রত্যক্ষ কৰাত গাঁৱখনত হুৱাদুৱাৰ সৃষ্টি হয় । পিছত ৰাইজে হৰিণাটোক আক্রমণ কৰি কৰায়ত্ত কৰিবলৈ সক্ষম হয় । আনহাতে ৰাইজে হৰিণা টো কৰায়ত্ত কৰি গৌৰীপুৰ আঞ্চলিক বন বিষয়া দিলীপ ৰায়ক খবৰ দিয়াত বন বিভাগৰ এটি দলে গাঁৱখনত উপস্থিত হৈ হৰিণাটো উদ্ধাৰ কৰি গৌৰীপুৰ বন বিভাগৰ কাৰ্য্যালয় লৈ আনে ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে হৰিণাটো মৃত্যু মুখত পৰে । হৰিণাটোৰ মৰণোত্তৰ পৰীক্ষা কৰি মাটিৰ তলত পুতি ৰাখিব বুলি বন বিভাগে জানিবলৈ দিছে । কিন্তু হৰিণাটো কিয় বনাঞ্চলৰ জনাঞ্চললৈ আহিল সেয়া সম্প্ৰতি লক্ষ্যনীয় হৈ পৰিছে ৷
ADVERTISEMENT





























