ক’ভিড-১৯ৰ ৰেপিড টেষ্টক কেন্দ্ৰ কৰি ৰাইজৰ ক্ষোভ

corona

পশ্চিম কাৰ্বি আংলঙৰ দয়াংমুখত উত্তপ্ত পৰিস্থিতি

ক’ভিড-১৯ ভাইৰাছৰ ৰেপিড টেষ্টক কেন্দ্ৰ কৰি চৰকাৰীপক্ষই প্ৰদৰ্শন কৰা ভূমিকাত পশ্চিম কাৰ্বি আংলঙৰ দয়ংমুখ অঞ্চলৰ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ অসন্তোষ্টি আৰু ক্ষোভ । উল্লেখযোগ্য যে ৪ আগষ্টত পাঁচ জনীয়া চিকিৎসাকৰ্মীৰ দলে দয়ংমুখত ক’ভিড-১৯ৰ ৰেপিড টেষ্ট কৰিবলৈ গৈছিল আৰু টেষ্টত ১১ জনৰ দেহত ধৰা পৰিছিল ক’ভিড-১৯ পজিটিভ ।

তাৰে ভিতৰত ২ দুগৰাকী মহিলাৰ বিপৰীতে ৯ গৰাকী পুৰুষ আছিল । লগে লগেই চিকিৎসাৰ প্ৰদানৰ বাবে দুগৰাকী মহিলাক খেৰণিত অৱস্থিত ক’ভিড-১৯ চেণ্টাৰত ভৰ্তি কৰাৰ বিপৰীতে ৯ গৰাকীক টুমপ্রেঙ ক’ভিড-১৯ কেয়াৰ চেণ্টাৰলৈ লৈ যোৱা হৈছিল ।

কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় যে পৰীক্ষাৰ ফলাফলৰ পাছত ক’ভিড-১৯ত আক্ৰান্ত লোকসকলক সন্তোষজনক চিকিৎসা প্ৰদান নকৰা, চেণ্টাৰত কোনো সুবিধা নিদিয়া, কন্টেইনমেন্ট জ’নৰ ব্যৱস্থা নকৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে অঞ্চলবাসীৰ লগতে ভুক্তভোগীয়ে ।

ইফালে শনিবাৰে পুনৰ চিকিৎসাকৰ্মীয়ে ৰেপিড টেষ্টৰ বাবে দয়াংমুখত উপস্থিত হৈছিল যদিও সমবেত হোৱা লোকে ৰেপিড টেষ্টৰ পৰা বিৰত থাকে। ইয়াৰ বিপৰীতে চিকিৎসাকৰ্মী সকলক প্ৰায় ২ ঘণ্টা ধৰি আবদ্ধ কৰি ৰাখে । অৱশ্যে খেৰণি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আনথনি ৰংপি আৰু বৈঠালাংছু চক্ৰ আৰক্ষী বিষয়া জেদ আৰ খান উপস্থিত হৈ ক্ষুব্ধ হোৱা ৰাইজক বুজাই বঢ়াই শান্ত কৰিবলৈ সক্ষম হয়।

Exit mobile version