ক’ভিডৰ বিৰুদ্ধে যুদ্ধত বিজয়ী তেজপুৰৰ এহাল বৃদ্ধ দম্পত্তি

6e89f48d caf5 4683 8cad 9a4e91eb84ca

ক’ভিডৰ বিৰুদ্ধে যুদ্ধত বিজয়ী হৈছে তেজপুৰৰ এহাল বৃদ্ধ দম্পতী। তেজপুৰৰ গেৰুৱাপট্টীৰ দম্পতী সুভাষ সেন (৮২) আৰু প্ৰতিমা সেন (৭৮) ক’ভিড-১৯ ত আক্ৰান্ত হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। আজি দম্পত্তি হালক চিকিৎসাৰ অন্তত সুস্থ হোৱাত হস্পিতালৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়া হয়। বৃদ্ধ দম্পতী হালক চিকিৎসা আৰু শুশ্ৰূষা কৰি সুস্থ শৰীৰে ঘৰলৈ বিদায় দিবলৈ পাই গৌৰৱবোধ কৰা বুলি মন্তব্য কৰে হস্পিতাল খনৰ অধীক্ষক ডাঃ মাধৱ চন্দ্ৰ ৰাজবংশীয়ে। লগতে অনাগত দিনত দম্পত্তি হালৰ সুস্বাস্থ্যও কামনা কৰে ডাঃ ৰাজবংশীয়ে।

Exit mobile version