ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বানাক্ৰান্তক সাহাৰ্য প্ৰদান

fe4c3ad6 8107 4eb7 834e 822dfd151bfd

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ-পূব মণ্ডলৰ উদ্যোগত আজি বৰঝাৰ বিমানবন্দৰৰ কাষৰীয়া ল’ৱাৰ মিৰ্জাপুৰ, কুহাবৰী, ভক্তবৰী আৰু খানামুখৰ হাওৰাপাৰত তিনিশ টা বানাক্ৰান্তক পৰিয়ালক সাহায্য সামগ্ৰী বিতৰণ কৰা হয়।

উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালৰ নিৰ্দেশত প্ৰাধিকৰণৰ কৰ্মচাৰী তথা এয়াৰপৰ্ট অথৰিটি এম্পলয়িজ ইউনিয়নৰ ক্ষেত্ৰীয় সম্পাদক পবিত্ৰ দাস, গুৱাহাটী শাখাৰ সম্পাদক ৰাজু কুমাৰ দাসৰ নেতৃত্বত উক্ত বানাক্ৰান্তৰ পৰিয়ালক চিৰা , মিঠাতেল, পিয়াঁজ, বিস্কুট, মাস্ক আৰু মমবাতি আদি বিতৰণ কৰে ।

বিতৰণ কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক জয়ন্ত কলিতা, অগপৰ পশ্চিম গুৱাহাটী সমষ্টি সমিতিৰ সহকাৰী সম্পাদক ৰুবুল বৈশ্য , অসম যুৱ পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি প্ৰণৱ দাস আদি লোক উপস্থিত থাকে। উল্লেখ্য যে, বিগত সপ্তাহত দক্ষিণ কামৰূপৰ চিমিনা , নাহিৰা, গুইমাৰা , দখলা আদিত চাৰি শতাধিক পৰিয়ালক ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে সাহাৰ্য প্ৰদান কৰিছে।

Exit mobile version