উত্তপ্ত হৈ পৰিছে বাঘজানৰ পৰিৱেশ

345

তিনিচুকীয়া জিলাৰ বাঘজানত ক্ষুব্ধ জনতাৰ প্ৰতিবাদ অব্যাহত আছে ৷ অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে আজি পুণৰ উত্তপ্ত হৈ পৰিল বাঘজান ৷ বাঘজান গাঁৱস্থিত বি জি আৰ-৫ নং তৈল খাদত বিগত ৬৪ দিন ধৰি দাওদাওকৈ জ্বলি থকা বিধ্বংসী জুইকুৰা নিৰ্বাপিত কৰাত চুড়ান্তভাৱে ব্যৰ্থ হোৱা অইল কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষয়ক্ষতিৰ ক্ষতিপূৰণ মোকলাই নিদিয়াৰ অভিযোগ তুলি লোকসকল ৰাজপথলৈ ওলাই আহি অইল কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

তৈল খাদটোত যোৱা ২৭ মে’ত গেছ কূপ বিস্ফোৰণ ঘটি ৯ জুনত খাদটোত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডই কৃষিপ্ৰধান বাঘজান অঞ্চলৰ বাঘজান-দীঘলটৰং, কলীয়াপানী, দীঘলটৰং চাহ বাগিচা, নতুন গাঁৱকে আদি কৰি কাষৰীয়া গাঁও চাহ বাগিচা, জলাশয়, নৈ’, বিল, ৰাষ্ট্ৰীয় উদ্যানৰ লগতে প্ৰকৃতিৰ বৃহৎ ক্ষতিসাধন কৰাৰ পাছটো আজি ৭৭ দিনে জিলা প্ৰশাসনে অইল কৰ্তৃপক্ষৰ পৰা ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণৰ ধন মোকলাই নিদিয়াৰ প্ৰতিবাদত বাঘজান গাওঁ মিলনজ্যোতি যুৱ সংঘই এটাৰ পিছত আনটো আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰি আছে।

আজি পুনৰ ক্ষতিগ্ৰস্ত লোকসকলে বাঘজান আৰক্ষী থানাৰ সমীপৰ চাৰিআলিত পুৱা ৭ বজাৰ দুপৰীয়া ১২.৩০ বজালৈ পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীয়ে উত্থাপন কৰা অভিযোগ মতে ছেন্ট জোছেফ উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰৰ ১৯২ পৰিয়ালৰ ১,০৬৩ গৰাকী আৱাসীক অইলে আজি পৰ্যন্ত ক্ষয়ক্ষতিৰ জৰীপৰ ভিত্তিত ক্ষতিপূৰণৰ ধন মোকলাই নিদিলে ৷

জিলা প্ৰশাসন আৰু স্থানীয় প্ৰশাসনৰ গাফিলতিত ক্ষুব্ধ হৈ পৰা প্ৰতিবাদকাৰীয়ে কয় যে অইল কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনীক বিষয়াই একাংশ ক্ষতিগ্ৰস্তক তৎকালীন সাহাৰ্য্যৰ নামত ৩০ হাজাৰ টকাকৈ প্ৰদান কৰে যদিও গৰিষ্ঠসংখ্যক ক্ষতিগ্ৰস্ত লোকক এই তৎকালীন সাহাৰ্য্যৰ পৰা বঞ্চিত কৰি ৰাখিছে ৷ উল্লেখ যে ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে অবৰোধস্থলীত জিলা দণ্ডাধীশক স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰি অইলৰ বিষয়াকহে আমন্ত্ৰণ জনায় ৷ যিহেতু ক্ষতিপুৰণ অইল কৰ্তৃপক্ষই জিলা প্ৰশাসনৰ একাউণ্টত জমা দিয়ে গতিকে স্মাৰকপত্ৰও অইলৰ বিষয়াকহে দিব বুলি আকোৰগোঁজ স্থিতি গ্ৰহণ কৰে ৷ পিছত দিনৰ ১২.৩০ বজাত অইলৰ শীৰ্ষ বিষয়া অৱৰোধস্থলীত উপস্থিত হ’ব লগীয়া হয় ৷

প্ৰতিবাদকাৰীয়ে অইলৰ বিষয়াক স্মাৰক পত্ৰখন প্ৰদান কৰি শীঘ্ৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ মোকলাই দিয়াৰ দাবী জনায় ৷ অন্যথা জংগী প্ৰতিবাদী আন্দোলন গঢ়ি তুলিব বুলিও অইল বিষয়াক সকীয়াই দিয়ে প্ৰতিবাদকাৰীয়ে ৷ উল্লেখ্য যে বি জি আৰ-৫ নং তৈলখাদটো যোৱা ২৭ মে’ত ব্ল-আউট ঘটনাটো সংঘটিত হোৱাৰ ফলত বাঘজান অঞ্চলৰ ১,৬৪৩ পৰিয়ালৰ ৮,২০৮ জন লোক ক্ষতিগ্ৰস্ত হোৱা বুলি স্থানীয় প্ৰশাসনে অইল কৰ্তৃপক্ষক অৱগত কৰিছিল ৷

সেই মতে ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে স্থানীয় প্ৰশাসনে ৯ টা আশ্ৰয় শিবিৰ স্থাপন কৰি দিছিল ৷ কিন্তু আঢ়ৈ মাহৰো অধিক দিন উকলি যোৱাৰ পিছতো ক্ষতিগ্ৰস্ত লোকসকলে প্ৰাপ্য ক্ষতিপূৰণৰ ধন লাভ কৰিবলৈ সক্ষম নহ’ল বুলি অইলৰ বিষয়া গৰাকীক প্ৰতিবাদকাৰীয়ে জিলা প্ৰশাসনৰ চৰিত্ৰ উদঙাই দিয়ে ৷ ইফালে জিলা প্ৰশাসনে চলোৱা ক্ষয়ক্ষতিৰ জৰীপৰ ক্ষেত্ৰত চুড়ান্ত বিসংগতি সংঘটিত হোৱা বুলিও অভিযোগ তোলে প্ৰতিবাদকাৰীয়ে ৷ প্ৰতিবাদকাৰীয়ে জিলা প্ৰশাসনৰ কিছুমান বিসংগতিৰ সুযোগ লৈ অইল কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপুৰণৰ ধন আদায় দিয়াত বিলম্ব কৰাৰো অভিযোগ তোলে ৷

Exit mobile version