তিতাবৰ মহকুমাৰ বৰহোলাৰ মুক্তিনগৰত সংঘটিত এক কৰুণ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে । আজি পুৱাই স্বামীৰ শ্ৰাদ্ধৰ দিনাই প্ৰাণ হেৰুৱাবলগীয়া হয় মৰমী ৰবিদাস (৪০)নামৰ মহিলাগৰাকীয়ে ।উল্লেখ্য যে হৃদযন্ত্ৰৰ এক জটিল ৰোগত মাত্ৰ এঘাৰ দিন পূৰ্বে স্বামী ভোলেশ্বৰ ৰবিদাস(৪৫)ৰ মৃত্যু হৈছিল ।
আজি পুৱা স্বামীৰ শ্ৰাদ্ধ দিনা মৰমী নামৰ মহিলাগৰাকী অসুস্থ হৈ ক্ৰমাৎ শৰীৰ শীতল পৰি অকালতে মৃত্যুক সাৱটিবলগীয়া হয় । পৰিয়ালৰ লোকে জনোৱা মতে স্বামীক হেৰুওৱাৰ বেদনাত যোৱা এঘাৰ দিনে লঘোণে-ভোকে কটোওৱা মহিলাগৰাকী নিম্ন ৰক্তচাপত ভুগি আছিল । মাত্ৰ এঘাৰ দিনৰ ভিতৰতে স্বামী-স্ত্ৰীৰ মৃত্যুত নিথৰুৱা হ’ল তেওঁলোকৰ দুই পুত্ৰ সন্তান আৰু এগৰাকী জীয়ৰী ৷
ইফালে সন্তানকেইজন নাবালক হোৱাৰ লগতে কণিষ্ঠ পুত্ৰ দিব্যাংগ হোৱাৰ বাবে সন্তানকেইটাৰ ভৱিষ্যৎ ভৰণ-পোষণৰ ক্ষেত্ৰত অন্ধকাৰ নামি আহিছে । মাত্ৰ এঘাৰ দিনৰ ব্যৱধানতে সৰবৰহী দম্পত্তিহালৰ অকাল মৃত্যুৱে অঞ্চলবাসী ৰাইজক শোকস্তব্ধ কৰি তুলিছে ।