এখন চৰকাৰী মহাবিদ্যালয়ৰ একাদশ শ্ৰেণীত নামভৰ্তি কৰি চৰ্চালৈ আহিছে ঝাৰখণ্ডৰ শিক্ষামন্ত্ৰী জগৰনাথ মাহতো । ৫৩ বছৰীয়া জগৰনাথে ২৫ বছৰৰ পূৰ্বেই ১৯৯৫ ত দশম শ্ৰেণী উত্তীৰ্ণ হয় । ইয়াৰ পিছত পৰিস্থিতিৰ কাৰণে শিক্ষাৰ সামৰণি মাৰিবলৈ বাধ্য হয় মাহতোয়ে । যাৰ কাৰণে বহু তুচ্ছ তাচ্ছিল্যৰ সন্মুখীন হৈছিল মাহতো ৷
কিন্তু সম্প্ৰতি পুনৰ একাদশ শ্ৰেণীত নামভৰ্তি কৰাৰ সন্দৰ্ভত জগৰনাথে কয় “একাধাৰে মোৰ বিষয়ে হৈ অহা সমালোচনাই মোক পুনৰ শিক্ষা গ্ৰহণ কৰিবলৈ প্ৰেৰণা দিছে ৷ লগতে জগৰনাথে কয় “যেতিয়াৰ পৰা মই মানৱ সংশোধন বিকাশ (SRD)ৰ মন্ত্ৰী হিচাপে কাৰ্য্যত যোগদান কৰিলো । তেতিয়াৰ পৰা মই সাধাৰণ লোকৰ ওপৰিও মোৰ সহকৰ্মীসকলৰ পৰা কেৱল সমালোচনা, ইতিকিং আদিৰ সন্মুখীন হৈ আহিছো । গতিকে এই আলোচনাই মোৰ পুনৰ শিক্ষা গ্ৰহণ কৰিবলৈ উদগনি জনাইছে । মই ঝাৰখণ্ডৰ শিক্ষা মন্ত্ৰী হোৱাৰ পিছৰে পৰা সকলোৱে মোৰ শৈক্ষিক দক্ষতাৰ ওপৰত সততে প্ৰশ্ন কৰে ৷ ইয়াৰ পিছত মই মোৰ শিক্ষা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত হাতত লৈছো ।”
উল্লেখযোগ্য যে জগৰনাথে শেহতীয়াকৈ এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখে “নিজকে শুধৰাবলৈ লৈছো । মেট্ৰিক পাছ কৰাৰ পিছত পৰিস্থিতিয়ে মোক শিক্ষাৰ পৰা আঁতৰত ৰাখে । মই দেবীমহতো ইন্টাৰ কলেজত নামভৰ্তি কৰিলো ।” সচাকৈয়ে মাহতোৰ এই কাৰ্যই হয়তো পৰিস্থিতিত পৰি বা অন্যান্য কাৰণে শিক্ষা এৰিবলৈ বাধ্য কৰা লোকসকলক পুনৰ শিক্ষা গ্ৰহণ কৰাৰ সন্দৰ্ভত ভাবিবলৈ উদগনি যোগাব ৷