বি আই ই অ’ৰ দ্বাৰা মধ্যাহ্ন ভোজন আৰু চৰকাৰী আঁচনিৰ চাউল বিতৰণ তথা খাদ্য সুৰক্ষাৰ চাউল জব্দ

WhatsApp Image 2020 08 12 at 2.20.41 PM

বৰপেটা জিলাৰ অধীনৰ হাউলী থানাৰ অন্তৰ্গত বৰবালা গাঁৱৰ নিবাসী মঃমজনুৰ আলিৰ বাসগৃহত ৰাজহুৱা বিতৰণ ব্যৱস্থা অধীনৰ চাউল বিতৰণত বৃহৎ কেলেংকাৰী ধৰা পৰে । প্ৰাপ্ত তথ্য মতে, আলিৰ বাসগৃহত ৰাজহুৱা বিতৰণ ব্যৱস্থা অধীনৰ চাউল FCIবেগৰ ঠাইত হালধীয়া বেগত চাউল ভৰাই অধিক দামত বজাৰত বিক্ৰী কৰা খবৰ পাই অসম চৰকাৰৰ অধীনৰ অৰ্থনৈতিক অপৰাধ আৰু অনুসন্ধান সন্থাৰ তদন্তকাৰী এটা দল গৈ আজি উক্ত স্থানত উপস্থিত হয় । কিন্তু অভিযানকাৰী দলটো যোৱাৰ উমান পাই ঘৰটোৰ বস্তা সলনি কৰি থকা বনুৱা কেইজনে পিছফালেদি পলায়ন কৰে।

পিচত স্থানীয় লোকৰ সহযোগত ঘৰটোৰ তলা খুলি পৰিদর্শন কৰাত FCI মাৰ্ক থকা tagg ৰ লগতে বস্তা চিলাই কৰা মেচিন সহ ইলেকট্ৰনিক মেচিন আৰু বহু সংখ্যক FCI ৰ Tagg slip আৰু 2000 টা হালধীয়া ৰঙৰ খালী প্লাষ্টিকৰ বস্তা দেখিবলৈ পায় । অভিযানকাৰী দলটোৱে সকলোবোৰ নিৰীক্ষণ কৰি এনে অবৈধ কাৰ্যৰ বাবে উক্ত ঘৰটোৰ গৰাকীৰ লগতে এই কাৰ্যত জড়িত লোক সকলৰ ওপৰত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয়। উক্ত ঘৰটোত পোৱা মুঠ ১৮৬ বস্তা চাউলৰ লগতে অন্যান্য সামগ্ৰীসমূহ নিয়ম অনুসৰি জব্দ কৰি সমীপৱৰ্তী পশ্চিম বেটবাৰী সমবায় সমিতিত জমা দিয়ে।

ইয়াৰ উপৰিও আন দুখন সমবায় সমিতিত অসম চৰকাৰৰ বিভিন্ন খাদ্য সুৰক্ষাৰ আঁচনি যেনে মধ্যাহ্ন ভোজন আঁচনি, নতুনকৈ ক’ভিড-১৯ ৰ অসম চৰকাৰে দিয়া অতিৰিক্ত চাউল বিতৰণৰ খেলিমেলি ধৰা পেলাবলৈ সক্ষম হয়। যোৱা ৫ তাৰিখে বি আই ই অ’ৰ এটা অনুসন্ধানকাৰী দলে সোণতলী সমবায় সমিতিত ২৬৮৮.৩২ কুইন্টল চাউল জব্দ কৰে। অন্যহাতে, যোৱা ৪ আগষ্টত বি আই ই অ’ৰ এটা উচ্চস্তৰীয় অনুসন্ধানকাৰী দলে হোজাই দবকা সমবায় সমিতিক সোধপোচ কৰে ।

কিন্তু তেওঁলোকে মধ্যাহ্ন ভোজন আৰু ক’ভিড ১৯ ৰ বাবে দিয়া অতিৰিক্ত চাউলৰ বিতৰণৰ কোনো তথ্য দাঙি ধৰিব নোৱাৰে । ইয়াৰ ভিত্তিত সমবায় সমিতিৰ সম্পাদক তথা একাংশ বিষয়ববীয়াক তথ্য সহকাৰে কাৰ্যালয়ত উপস্থিত হ’বৰ বাবে জাননী দিয়া হৈছিল যদিও বৰ্তমানলৈ ইয়াৰ কোনো শুংসূত্ৰ পোৱা নাই।

Exit mobile version