■ সোমাবাৰৰ পৰা শুক্ৰবাৰলৈ পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায় চলোৱাত অনুমতি প্ৰদান কৰা হৈছে।
■ আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰতো সোমাবাৰৰ পৰা শুক্ৰবাৰলৈ অনুমতি প্ৰদান কৰা হৈছে।
■ ক’ভিড-১৯ ৰ সকলো গুৰুত্বপূৰ্ণ নীতি নিয়ম আৰু সামাজিক দূৰত্ব মানি চলি ৰাজহুৱা যাতায়ত পৰিবহনৰ অনুমতি প্ৰদান।
■ নিশা ৯.৩০ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি ঘোষণা।
■ সামাজিক, ৰাজনৈতিক, মনোৰঞ্জনধৰ্মী, ধৰ্মীয় কাৰ্যত বাধা নিষেধ।
■ চিনেমা হল, ছুইমিং পুল, পার্ক, অধিক সংখ্যল লোকৰ সমাগম ঘটিব পৰা স্থানসমূহ বন্ধ থাকিব।
■ সমগ্ৰ ৰাজ্যৰ প্ৰতিখন জিলাতে ‘সাপ্তাহিক তলাবন্ধ’ কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে ।
■ ৰাজহুৱা স্থান, কৰ্মস্থলী আৰু ৰাজহুৱা পৰিবহণৰ ক্ষেত্ৰত মাস্ক পিন্ধাটো বাধ্যতামূলক । অন্যথা ১০০০ টকাৰ জৰিমনা ভৰিব লাগিব ।
■ ১৬ আগষ্টৰ পুৱা ৫ বজাৰ পৰা ৩১ আগষ্টৰ নিশা ৯.৩০ বজালৈ এই নিৰ্দেশ কাৰ্যকৰী হ’ব।