আমেৰিকাত ধুমুহাৰ গতিৰে বৃদ্ধি পাইছে শিশু কৰ’নাত আক্ৰান্তৰ তথ্য ।এই তথ্য প্ৰকাশ কৰিছে আমেৰিকাৰ শিশু স্বাস্থ্য সংস্থাই । দেশখনত শিশুৰ শৰীৰত সংক্ৰমণৰ মাত্ৰা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মৃত্যুৰ ৰেখাচিত্ৰ ও ঊৰ্দ্ধমুখী হৈছে । ‘আমেৰিকান একাডেমী অৱ পেডিয়াট্ৰিকছ এণ্ড দ্য চিলড্ৰেনছ হস্পিটেল এছ’চিয়েচন’ৰ তথ্য অনুসৰি, বিগত চাৰি সপ্তাহত শিশু কৰ’নাত আক্ৰান্তৰ হোৱাৰ হাৰ ৯০ শতাংশ বৃদ্ধি পাইছে ।
ইতিমধ্যে ৯০টি শিশুৰ মৃত্যুও হৈছে । এই নতুন তথ্য যথেষ্ট উদ্বেগজনক বুলি মন্তব্য কৰিছে সংস্থাটোৰ উপাধ্যক্ষ ছিয়ান অ’লেৰীয়ে । কিন্তু হঠাৎ কিয় শিশুৰ শৰীৰত আক্ৰমণ কৰিছে এই প্ৰশ্নৰ উত্তৰত অ’লেৰীয়ে কয়, ‘দেশত কৰ’নাৰ পৰীক্ষা বাঢ়িছে । ফলত অনেক বেছি সংক্ৰমিত হোৱাৰ সন্ধান পোৱা গৈছে । যিমান বেছি সংক্ৰমণ বিয়পিব, স্বাভাৱিকভাৱেই সিমানেই বেছি শিশু কৰ’নাত সংক্ৰমিত হ’ব ।’
আনহাতে, আমেৰিকাৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্যই জনাইছে যে ন জুলাইৰ পৰা ছয় আগষ্ট পৰ্যন্ত আমেৰিকাৰ তিনি লাখ ৮০ হেজাৰ ১৭৪টি শিশু কৰ’নাত আক্ৰান্ত হৈছে । অৱশ্যে গুৰুতৰ উপসৰ্গ অতি কম শিশুৰ শৰীৰতহে দেখা গৈছে ।