তেজপুৰৰ ৰাজগড় অঞ্চলত জিয়াভৰলীৰ খহনীয়াই বিপৰ্যয়ৰ সৃষ্টি কৰিছে। বৰ্তমান পুনৰ ইয়াত খহনীয়া বৃদ্ধি পোৱাৰ বহুসংখ্যক লোক ইয়াৰ পৰা আতঁৰিবলৈ বাধ্য হৈছে । উল্লেখ্য যে, তেজপুৰৰ এক কৃষিপ্ৰধান অঞ্চল হিচাপে পৰিচিত এই ৰাজগড়ত একোটা পৰিয়ালৰ পূৰ্বে ১২৫ বিঘা পর্যন্ত কৃষিভূমি আছিল যদিও এতিয়া নদীৰ মাজত ।
স্থানীয় ৰাইজে প্ৰকাশ কৰা মতে, পূৰ্বে তেজপুৰ চহৰৰ কাষৰীয়া বহু পৰিয়ালৰ ইয়াত মাটি আছিল । কিন্তু সেয়া এতিয়া জিয়াভৰলীৰ বুকুত । যোৱা ২৫ বছৰে এই পুৰণি অঞ্চলটোত বহু পৰিমাণৰ ভূমি জিয়াভৰলীত জাহ গৈছে। ৰজাদিনীয়া ৰাজগড় আলিটোৰ সামান্য অংশহে এতিয়া আছেগৈ যদিও কিছুদিনৰ ভিতৰতে সেয়াও নিশ্চিহ্ন হোৱাৰ দিশত। স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনতে এই ৰাজগড় আলিটো নিৰ্মাণ কৰা হৈছিল ।
কিন্তু পৰৱৰ্তী সময়ত জিয়াভৰলীৰ খহনীয়া প্ৰতিৰোধৰ নামত জলসম্পদ বিভাগ আৰু একাংশ ঠিকাদাৰৰ লাভ হ’ল যদিও ৰাজগড়ৰ কৃষিপথাৰ, পঞ্চায়ত কাৰ্যালয়, বিদ্যালয় সকলো জাহ গ’ল নদীৰ বুকুত ।
এপাৰে খহাই অনা নদীখনে বিপৰীতে পাৰে বালি পেলোৱাৰ পাছত ম্যাদী পট্টাৰ মাটি হেৰুৱাই সিপাৰে বাস কৰিবলৈ বাধ্য হোৱা বহু লোকক আকৌ পাছত সন্দেহজনক আখ্যা দিয়া হয় বুলিও ক্ষোভ উজাৰি স্থানীয় লোকে কয় যে খালৈ বিলৰ পৰা পূৰ্বৰ কেৰাণী ব্লক, মকোৱা চাপৰি, চিৰুৱানী, কছাৰীপাম আদি নদীত জাহ যোৱা অঞ্চলৰ বিষয়ে জৰীপ চলালে গম পোৱা যাব ইয়াত কি কি অনুষ্ঠান আছিল আৰু সেইবোৰ গাঁৱৰ মানুহ কলৈ গ’ল।
ৰাইজে কয় যে, জিয়াভৰলীৰ খহনীয়াৰ বাবে তেজপুৰৰ মাটি কালি কমি আহিছে। ৰাজগড়ত এতিয়া চলা প্ৰবল খহনীয়া প্ৰতিৰোধৰ বাবে এবছৰ পূর্বে তিনি লাখ টকাৰ এক বাঁহৰ আঁচনি ৰূপায়ণ হৈছিল।