কৰ’নাৰ সন্ত্ৰাসৰ বাবে এইবাৰ আগৰ দৰে পালন কৰা নহ’ব ৭৪ সংখ্যক স্বাধীনতা দিৱস

Red fort Independence day PTI Delhi 1597403035

চাৰিওদিশে কৰ’নাৰ সন্ত্ৰাস। ইয়াৰ মাজতে ১৫ আগষ্ট অৰ্থাৎ কাইলৈ উদযাপন কৰা হ’ব ৭৪ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উদযাপনৰ বাবে দিল্লীৰ লালকিল্লাৰ ভিতৰ আৰু বাহিৰৰ চৌপাশ পৰিষ্কাৰ কৰি তোলা হৈছে। শনিবাৰে দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। য’ত মহামাৰী ক’ভিড-১৯ৰ সাৱধানতাৰ বাবে সকলো ব্যৱস্থা অৱলম্বন কৰা হ’ব । মাস্ক পৰিধান বাধ্যতামূলক কৰাৰ লগতে কমেও ৬ ফুট দূৰত্বত আসনৰ ব্যৱস্থা কৰিছে ।

অনুষ্ঠানত প্ৰায় ৪,০০০ত কৈ অধিক লোকক নিমন্ত্ৰণ কৰা হৈছে বুলি সূত্ৰত প্ৰকাশ । প্ৰত্যেকখন নিমন্ত্ৰণী পত্ৰৰ লগতে ক’ভিড-১৯ সম্পৰ্কীয় নীতি-নিৰ্দেশনাৰ এক গাইডলাইন দিয়াৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰিও আমন্ত্ৰিত অতিথিসকলৰ বাবে প্ৰত্যেকটো প্ৰৱেশদ্বাৰত থাৰ্মেল স্ক্ৰীনিঙৰ ব্যৱস্থা কৰি চাৰিটা স্থানত পৰ্যাপ্ত চিকিৎসা বুথৰ লগতে এম্বুলেন্সৰ ব্যৱস্থা কৰিছে, যাতে প্ৰৱেশ কৰোতে কোনো লোকৰ শৰীৰত ক’ভিড-১৯ৰ লক্ষণ থাকিলে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

Exit mobile version