মহানগৰীৰ জালুকবাৰী থানাৰ অন্তৰ্গত তেতেলিয়াবৰীত আজি পুৱা বিদ্যুৎপুষ্ট হৈ এজন লোকে কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলায় । প্ৰাপ্ত তথ্য মতে তেতেলিয়াবৰীৰ পৱিত্ৰ দাস নামৰ লোকজনে পুৱা জাল লৈ মাছ মাৰিবলৈ ওলাই আহে । তেনে সময়তে পথৰ দাঁতিত ছিগি পৰি থকা এডাল বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহাত বিদ্যুৎপুষ্ট হৈ পৱিত্ৰ দাসৰ থিতাতে মৃত্যু হয় ।
স্হানীয় লোকসকলে জানিবলৈ দিয়া মতে যোৱা নিশা চৰ্ট চাৰ্কিট হৈ বিদ্যুৎ পৰিবাহী তাৰডাল ছিগি পৰিছিল । এই বিষয়ে ৰাইজে বিদ্যুৎ বিভাগক নিশাই অৱগত কৰে যদিও বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব আৰোপ নকৰাৰ বাবেই লোকজনে অকাল মৃত্যুক সাৱটি ল’ব লগা হ’ল বুলি ৰাইজে অভিযোগ কৰিছে ।