ৰাজনৈতিক অভিসন্ধিৰে মোৰ নাজিৰা বাসগৃহটো কন্টেইনমেন্ট জ’ন হিচাপে প্ৰশাসনে ঘোষণা কৰিছেঃ দেৱব্ৰত শইকীয়া

0f985173 f035 4f0a adae ae4382d3cfaf

‘ৰাজনৈতিক অভিসন্ধিৰে মোৰ নাজিৰাস্থিত বাসগৃহটো কনটেইনমেন্ট জ’ন কৰা হৈছে ৷’ এই অভিযোগ বিৰোধী দলৰ সভাপতি দেৱব্ৰত শইকীয়াৰ ৷ শইকীয়াই লগতে ক’ভিড-১৯ত আক্ৰান্ত নোহোৱাকৈয়ে কেনেকৈ এটা বাসগৃহ কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিব পাৰে সেই সন্দৰ্ভত চৰকাৰক প্ৰশ্ন কৰে ৷

এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত শইকীয়াই কয় “যোৱা ২৭জুলাই তাৰিখে গুৱাহাটীৰ পৰা নাজিৰালৈ অহাৰ পিছত মোৰ লগত নিয়োজিত এগৰাকী নিৰাপত্তাৰক্ষীৰ দেহত ক’ভিড সংক্ৰমণ হোৱা বুলি প্ৰমাণিত হ’ল, তাৰ পিছত মোৰ গৃহৰ নিৰাপত্তাৰক্ষী থকা বেৰেকটো প্ৰশাসনে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছিল । তাৰ পৰৱৰ্তী সময়ত যেতিয়া স্বাৱ টেষ্ট কৰা হ’ল আৰু এজন নিৰাপত্তা ৰক্ষীৰ দেহত ক’ভিড সংক্ৰমণ হোৱা বুলি প্ৰমাণিত হোৱাত যোৱা ৩ তাৰিখে মোৰ ঘৰত নিয়োজিত নিৰাপত্তাৰক্ষী থকা ডাঙৰ বাসগৃহটোও কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিলে প্ৰশাসনে । এই কন্টেইনমেন্ট জ’নৰ পৰাই যেতিয়া পুনৰ স্বাৱ টেষ্ট কৰা হ’ল, আকৌ ৩ জন নিৰাপত্তা ৰক্ষীৰ দেহত ক’ভিড সংক্ৰমণ হোৱা বুলি প্ৰমাণিত হ’ল। কন্টেইনমেন্ট জ’নটোৰ পৰাই ক’ভিড ৰোগী ওলোৱাৰ পিছত মোৰ বাসগৃহটো সম্পূৰ্ণ ৰূপে ৭ আগষ্ট তাৰিখে প্ৰশাসনে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিলে আৰু একপ্ৰকাৰৰ গৃহবন্দী কৰাৰ নিচিনা হ’ল ৷ কিয়নো মোৰ লগত নিয়োজিত নিৰাপত্তাৰক্ষীসকল মোৰ লগত একে বাসগৃহত নাছিল আৰু তেওঁলোকৰ বেৰেকটো ৩ আগষ্ট তাৰিখেই কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হৈছিল।

শইকীয়াই লগতে কয় “চৰকাৰে মোৰ বাসগৃহটো ক’ভিড-১৯ৰ অভিকেন্দ্ৰ বুলি ঘোষণা কৰিছিল । কিন্তু, এজনো ৰোগী নোহোৱাকৈ কেনেকৈ প্ৰশাসনে এটা বাসগৃহক ক’ভিড-১৯ৰ অভিকেন্দ্ৰ হিচাপে ঘোষণা কৰিলে? “SOP”ৰ নীতি-নিৰ্দেশনা অনুসাৰি আমাৰ গৃহৰ সদস্য সকলৰ চিকিৎসা, স্বাস্থ্যৰ খা-খবৰ, বীজাণুনাশক ব্যৱহাৰ কৰাৰ লগতে অন্যান্য নীতি-নিয়ম অৱলম্বন কৰিব লাগিছিল। কিন্তু নীতি-নিয়মটো বাদেই আজি ১০ দিনলৈ এজন স্বাস্থ্যকৰ্মীয়েও খা-খবৰ ল’বলৈ নাহিল, এদিনো বীজাণুনাশক ব্যৱহাৰ নকৰিলে বুলি সদৰী কৰে শইকীয়াই । সম্প্ৰতি দেৱব্ৰত শইকীয়াই ক’ভিড-১৯ৰ নামত নিকৃষ্ট ৰাজনীতি নকৰিবলৈ চৰকাৰক আহ্বান কৰে ।

Exit mobile version