বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ‘ব্লু হিল’ নামৰ এটা টুৰিষ্ট ল’জৰ বাকৰিত যোৱাকালি ইউ পি পি এল দলৰ ৰাজহুৱা সদস্য ভৰ্ত্তি এক অভিযানত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ ‘এবছু’ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীয়ে চাহ জনগোষ্ঠীয় ছয় সংগঠনৰ লগতে ভাষিক সংখ্যালঘু সংগঠন আৰু দুই ধৰ্মীয় সংখ্যালঘু ছাত্ৰ সংগঠন আমছু আৰু এ বি এমছুৱে ইউ পি পি এল দললৈ সমৰ্থন আগবঢ়োৱা বুলি কৰা ৰাজহুৱা ঘোষণাৰ পিছত বড়ো ছাত্ৰ সংগঠনটোৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ধৰ্মীয় সংখ্যালঘু ছাত্ৰ সংগঠন এ বি এমছু ।
সংগঠনটোৱে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীৰ এই মন্তব্যক ‘ভুৱা প্ৰচাৰ’ আখ্যা দিছে ৷ এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে লৰেন্স ইছলাৰীৰ বক্তব্যক ধিক্কাৰ দিয়াৰ লগতে এ বি এমছুৰ বিৰুদ্ধে এয়া এক গভীৰ ষড়যন্ত্ৰ বুলি কয়।
লগতে তেওঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ এটা পদবীত থাকি ল’ৰেন্স ইছলাৰীয়ে কিয় অপপ্ৰচাৰ চলাই বি টি চি অঞ্চলৰ সংখ্যালঘু ৰাইজক বিপথে পৰিচালিত কৰিবলৈ বিচাৰিছে বুলিও প্ৰশ্ন কৰি তেওঁলোকে ( এ বি এমছুয়ে) কোনোধৰণৰ ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।
এই সন্দৰ্ভত এ বি এমছুৰ সাধাৰণ সম্পাদক জনে কয়, ‘যদি অনাগত দিনত বি টি চিৰ সংখ্যালঘু ৰাইজৰ ন্যায় আৰু নিৰাপত্তাৰ স্বাৰ্থত ৰাজনৈতিক সিদ্ধান্ত ল’বলগীয়াও হয় তেনেহ’লে বিটিচিবাসী সমগ্ৰ সংখ্যালঘু ৰাইজৰ সৈতে আলাপ আলোচনাৰ মাজেৰে জাতীয় অভিৱৰ্ত্তন আয়োজন কৰি তেনে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয় ৷
তদুপৰি এনেধৰণৰ কোনো সিদ্ধান্ত নলঁওতেই বি টি চিৰ ৰাইজৰ আবেগক লৈ আৰু এ বি এমছুৰ নাম ব্যৱহাৰ কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে যি মন্তব্য কৰিলে তাৰ বাবে এবছু আৰু ইউ পি পি এল দলে বি টি চিৰ সংখ্যালঘু ৰাইজ আৰু এ বি এমছুৰ প্ৰতিগৰাকী সদস্য আৰু কৰ্মকৰ্ত্তাৰ ওচৰত ৰাজহুৱা ক্ষমা বিচাৰিব লাগিব বুলিও দাবী কৰিছে এ বি এমছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে ।
ইপিনে শালবাৰী জিলা এ বি এমছুৰ সভাপতি ছাইজুদ্দিন খণ্ডকাৰে সংবাদ মাধ্যমৰ আগত আজি ইছলাৰীৰ এই মন্তব্যক তীব্ৰ বিৰোধিতা কৰি কোনো ৰাজনৈতিৰ দলক তেওঁলোকে সমৰ্থন নিদিয়াৰ কথা স্পষ্ট কৰি দিয়াৰ লগতে এই বক্তব্যৰ বাবে লৰেন্স ইলাৰীক ৰাজহুৱাভাৱে ক্ষমা নুখুজিলে সংখ্যালঘু এলেকাত এবছু আৰু ইউ পি পি এলৰ প্ৰৱেশ নিষিদ্ধ কৰিব বুলি হুংকাৰ দিয়ে।