সমগ্ৰ বিশ্বত সম্প্ৰতি ক’ভিড-১৯ৰ সন্ত্ৰাস । এই সময়তে দেশৰ অনলাইন ব্যৱসায়িক ৱেবছাইটসমূহে স্বাস্থ্য সম্পৰ্কীয়ৰ লগতে শিশু আৰু অত্যাৱশ্যকীয় বিভিন্ন সামগ্ৰী ঘৰতে যোগান ধৰাৰ ব্যৱস্থা কৰিছে ৷ কৰ’নাৰ এই সন্ত্ৰাসৰ সময়ত দেশবাসীৰ পৰা ব্যাপক সহাৰি লাভ কৰিছে অনলাইন ব্যৱসায়িক চাইটসমূহে ৷
স্নেপডিলৰ মতে “ঘৰতে সামগ্ৰী যোগান ধৰাৰ কাৰণে বিগত বৰ্ষতকৈ চলিত বৰ্ষৰ এপ্ৰিল আৰু জুলাই মাহত শিশুৰ সামগ্ৰীসমূহ বেছিকৈ বিক্ৰী হৈছে ৷” লগতে স্নেপডিলে জনায় যে বিগত চাৰিমাহত ক্ৰেতাই অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পাল্ছ অ’ক্সিমিটাৰ, ব্লাড প্লেছাৰ মণিটৰ, ডিজিটেল থাৰ্ম’মিটাৰ আৰু গ্লুক’মিটাৰ যথেষ্ট পৰিমাণে ক্ৰয় কৰিছে ৷ পাল্চ অ’ক্সিমিটাৰৰ জৰিয়তে হৃদযন্ত্ৰৰ প্ৰতিক্ৰিয়া আৰু অক্সিজেনৰ তাৰতম্য নিৰীক্ষণ কৰিব পাৰি ৷
বিশেষ সূত্ৰৰ মতে “পূৰ্বতকৈ ক’ভিড-১৯ৰ সময়ত ৩০০ শতাংশ পাল্ছ অক্সিমিটাৰ বিক্ৰী হৈছে । পাল্চ অক্সিমিটাৰৰ মূল্য হৈছে ২০০০ টকা।” আনহাতে অক্সিমিটাৰৰ বিক্ৰী দিল্লী, চেন্নাই, বেংগালুৰু, মুম্বাই, থানে, পুণে, হাইদৰাবাদ, কলকাতা, গুৱাহাটী আৰু আহমেদাবাদত সকলোতকৈ বেছি।
ক’ভিড-১৯ৰ সন্ত্ৰাসৰ সময়ত সকলোৱে চিকিৎসালয়লৈ গৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ আতংকিত হয় ৷ এনে সময়তে স্নেপডিলৰ জৰিয়তে ক্ৰয় কৰা ব্লাড প্ৰেছাৰ বা ডাইবেটিছ জুখিব পৰা সামগ্ৰীসমূহে বিশেষ প্ৰাধান্য পাইছে । এই কথা সদৰী কৰিছে স্নেপডিলে ৷ উল্লেখযোগ্য যে ক’ভিড-১৯ৰ সময়ত নিউট্ৰিশ্যন চাপলিমেন্ট, আয়ুৰ্বেদিকৰ লগতে স্বাস্থ্যৰ লগত জৰিত সামগ্ৰীসমূহৰ বিক্ৰী বাঢ়িছে ।