বেইজিঙত আৰু পৰিধান কৰিব নালাগে মাস্ক: নিষেধাজ্ঞা প্ৰত্যাহাৰ

Beijing

বেইজিঙত মাস্ক নিপিন্ধাকৈও জনসাধাৰণে ঘৰৰ পৰা বাহিৰলৈ ওলাব পাৰিব।এই ক্ষেত্ৰত বাধ্য-বাধকতা প্ৰত্যাহাৰ কৰা হৈছে।বেইজিঙত আজি এই কথা স্বাস্থ্য বিভাগৰ পৰা স্পষ্ট কৰি দিয়া হৈছে।উল্লেখ্য যে যোৱা ১৩ টা দিনত ৰাজধানী মহানগৰ খনত কোনো লোক নতুনকৈ কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা নাই ।

সেয়েহে দেশখনৰ চৰকাৰে এনে সিদ্ধান্ত ল’বলৈ আগবাঢ়ে।পৰিস্থিতিৰ উন্নতি হৈছে যদিও ইমান সোনকালে মাস্ক খুলি পেলোৱাৰ ক্ষেত্ৰত বেইজিঙৰ বাসিন্দাসকলে এতিয়াও চূড়ান্ত দ্বিধাৰ মাজতে আছে ।ইয়াৰ পূৰ্বে যোৱা এপ্ৰিলৰ সময়তো এবাৰ বেইজিঙত মাস্ক পৰিধানৰ ক্ষেত্ৰত কিছু শিথিলতা ঘোষণা কৰা হৈছিল।

কিন্তু বেইজিঙৰ দক্ষিণ অংশৰ এখন পাইকাৰী বজাৰত বহুকেইজন লোক কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পাছত জুনত পুনৰ মাস্ক পিন্ধাটো বাধ্যতামূলক কৰি চৰকাৰী নিৰ্দেশ জাৰি কৰা হয় ।পৰৱৰ্তী সময়ত অৱশ্যে জনজীৱন পুনৰ স্বাভাৱিক হৈ পৰে ।ইয়াৰ পাছত পুনৰ আজি বেইজিঙত মাস্ক পৰিধান কৰাৰ ক্ষেত্ৰত থকা বাধা -নিষেধ প্ৰত্যাহাৰ কৰা হয় ।

Exit mobile version