অযোধ্যাৰ ধন্নীপুৰ গাঁৱৰ ১৪০০ বৰ্গমিটাৰ ক্ষেত্ৰত হ’ব মছজিদৰ নিৰ্মাণ। লগতে সেই ক্ষেত্ৰত ৰহীম,ৰচখান আৰু কবীৰৰ দৰে মহান ব্যক্তিসকলৰ প্ৰতিমূৰ্তি নিৰ্মাণ হ’ব। গৱেষণা কৰিবলৈ গৱেষকসকলৰ কাৰণে থাকিব পুথিভঁৰাল। ইপিনে ইণ্ডো ইছলামিক কালছাৰেল ফাউণ্ডেচনৰ সচিব অতহৰ হুছেইনে কয় যে মছজিদৰ লগতে এখন প্ৰজেক্ট হস্পিতালো নিৰ্মাণ হ’ব। উচ্চতম ন্যায়ালয়ে চুন্নী ৱাকফ বৰ্ডক দিয়া পাঁচ একৰ ভূমিক লৈ তৎপৰতা অব্যাহত আছে অযোধ্যাত।
সম্প্ৰতি পাঁচ একৰ ভূমিৰ নক্সা তৈয়াৰ কৰি লগতে মছজিদ, পুথিভঁৰাল, হস্পিতাল আদি নিৰ্মাণত ব্যয়ৰ এটা ধাৰণা মছজিদ কৰ্তৃপক্ষৰ হাতত অৰ্পন কৰিব এটা বিশেষ টীমে । ইয়াৰ পিছত মছজিদৰ ট্ৰাষ্ট শেষ সিদ্ধান্ত গ্ৰহণ কৰিব । আনহাতে অতহৰ হুচেইনে কয় বাবৰি মছজিদ থকা ১৪০০ বৰ্গমিটাৰ ক্ষেত্ৰতে হ’ব মছজিদৰ নিৰ্মাণ । কিন্তু মছজিদৰ নাম বাবৰৰ নামত নহয় । নামৰ সন্দৰ্ভত বৈঠক অনুষ্ঠিত হ’ব।
কিন্তু আটাইতকৈ বৃহৎ প্ৰজেক্ট হ’ব চিকিৎসালয়ৰ । কাৰণ ধন্নীপুৰৰ বাসিন্দাৰ দাবী তেওঁলোকক চিকিৎসালয়ৰ প্ৰয়োজন । উল্লেখযোগ্য যে যোৱা ৫ আগষ্টত ৰামমন্দিৰৰ ভূমি পূজনৰ পিছতেই বাকী পাঁচ একৰ ভূমিত কেতিয়া মছজিদ নিৰ্মাণ হ’ব সেইয়া চৰ্চিত আছিল । সম্প্ৰতি ৰাম মন্দিৰৰ দৰে অযোধ্যাৰ ধন্নীপুৰত মছজিদৰ নিৰ্মাণৰ কাৰণে প্ৰস্তুতি আৰম্ভ হৈছে।