এতিয়া বাছেৰেও যাব পাৰিব লণ্ডনলৈ

delhi london bus 5f40d28fbab62

নতুন দিল্লীৰ পৰা লণ্ডন পৰ্যন্ত বাছযোগে ভাৰতীয় সকলে পোনপটীয়াভাৱে যাত্ৰা কৰিব পাৰিব । এই ভ্ৰমণৰ বাবে চলাচল কৰা বাছৰ নাম দিয়া হৈছে ‘বাছ টু লণ্ডন ‘। ১৮ খন দেশ পাৰ হৈ এই বাছখনে নতুন দিল্লীৰ পৰা গৈ লণ্ডনত উপস্থিত হ’ব । ভ্ৰমণ বিলাসী সকলৰ বাবে এই ‘এডভেঞ্চাৰ’ৰ সোৱাদ দিছে নতুন দিল্লীস্থ দুই বাসিন্দাই ।

গুৰগাঁৱক কেন্দ্ৰ কৰি গঢ়ি উঠা এটি বেচৰকাৰী ট্ৰেভেল এজেন্সীৰ দ্বাৰা নতুন দিল্লীৰ এই দুই বাসিন্দাই আৰম্ভ কৰা এই সেৱা অৱশ্যে একমুখী হ’ব । মুঠ ৭০ দিনৰ অন্তত যাত্ৰী সকলে নতুন দিল্লীৰ পৰা গৈ লণ্ডনত উপস্থিত হ’ব পাৰিব । মুঠ ২০জন লোকে একেলগে এই বাছ যাত্ৰাত যাত্ৰী হ’ব পাৰিব ।বাছৰ প্ৰতিখন আসন হ’ব ‘বিছনেছ ক্লাছ’যুক্ত ‘ । যাত্ৰীৰ বাহিৰেও বাছখনত আৰু চাৰিজন লোক থাকিব । এই সকল হ’ব চালক ,সহকাৰী চালক,এজেন্সীৰ এজন লোক তথা এজন গাইড।

এই ৰাজকীয় ভ্ৰমণৰ বাবে প্ৰয়োজন হ’ব ১০ খনকৈ ভিছা । ট্ৰেভেল এজেন্সীৰ ফালৰ পৰাই এই ভিছাৰ ব্যৱস্থা কৰা হ’ব । যাত্ৰী সকলক পঞ্চতাৰকা যুক্ত হোটেলত নৈশ যাপনৰ সুবিধা প্ৰদান কৰা হ’ব । এই ভ্ৰমণক চাৰিটা ভাগত ভাগ কৰা হৈছে । প্ৰতিটো ভ্ৰমণৰ বাবে পৃথক পৃথক সময় তথা ‘পেকেজ’ৰ ব্যৱস্থা কৰা হৈছে । লণ্ডন পৰ্যন্ত ভ্ৰমণৰ বাবে এজন যাত্ৰীয়ে ১৫লাখ টকা ব্যয় কৰিব লাগিব । যাত্ৰীসকলে এই ধন মাহেকীয়া কিস্তি যোগেও প্ৰদান কৰিব পাৰিব । যোৱা ১৫ আগষ্টৰ পৰা এই সেৱা আৰম্ভ কৰা হৈছে।

Exit mobile version