তুংগত কংগ্ৰেছৰ অন্ত কন্দল

indian national congress wallpaper 52650 36338

কংগ্ৰেছৰ নেতৃত্বৰ বৃহৎ পৰিৱৰ্তনক লৈ হোৱা যুদ্ধখন থমকি ৰোৱাৰ যেন কোনো লক্ষণেই পৰিলক্ষিত হোৱা নাই । কাৰণ দলৰ নেতাসকলে এতিয়া স্পষ্টকৈ নিজৰ মত ব্যক্ত কৰে । কংগ্ৰেছৰ নেতা অনিল শাস্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ দলৰ নেতৃত্বত সম্পূৰ্ণতা নাই । গুৰুত্বপূৰ্ণ কথা হ’ল যিকোনো বৈঠক দলৰ নেতাৰ মাজত নহয় । যদি বিভিন্ন ৰাজ্যৰ দলৰ নেতাসকল দিল্লীলৈ আহে তেন্তে তেওঁলোকে জ্যেষ্ঠ নেতাসকলৰ লগত মিলিত হ’ব নোৱাৰে।

তেওঁ লগতে কয়, “ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ দৰে জ্যেষ্ঠ নেতাসকলে যদি দলৰ নেতাসকলৰ লগত মিলিত হ’বলৈ বা মত বিনিময় কৰিবলৈ আৰম্ভ কৰে তেন্তে ৫০ শতাংশ সমস্যা হ্ৰাস পাব । উল্লেখ্য যে অনিল শাস্ত্ৰী হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ কনিষ্ঠ পুত্ৰ । আনহাতে কংগ্ৰেছৰ পৰা এসময়ত নিলম্বন কৰা নেতা সঞ্জয় ঝায়ে টুইটাৰ যোগে কয় “এইয়া নিশ্চহ্ন হোৱাৰ আৰম্ভণি  ৷”

সঞ্জয়ে বিগত দিনত কৈছিল যে কংগ্ৰেছৰ ১০০তকৈ অধিক নেতায়ে নেতৃত্বৰ পৰিবৰ্তনৰ কাৰণে ছোনিয়া গান্ধীলৈ চিঠি লিখিছে । সেই সময়ত সঞ্জয়ৰ এই মন্তব্যক নসাৎ কৰিছিল ছোনিয়া গান্ধীয়ে । উল্লেখযোগ্য যে সোমবাৰে হোৱা কংগ্ৰেছৰ কাৰ্যবাহী বৈঠকত নেতৃত্বৰ পৰিৱৰ্তনক লৈ এক শ্বাহৰুদ্ধকাৰী পৰিবেশৰ সৃষ্টি হয় ।

বৈঠকৰ আৰম্ভণিতে ২৩ জন বিধায়কে নেতৃত্বৰ পৰিৱৰ্তনক লৈ দিয়া চিঠিৰ প্ৰসংগ উল্লেখ কৰি ছোনিয়া গান্ধীয়ে অধ্যক্ষৰ পদৰ পৰা অব্যাহতি লোৱাৰ কথা প্ৰকাশ কৰে । অৱশ্যে প্ৰায় সাত ঘন্টাৰ পিছত পুনৰ ৬ মাহৰ কাৰণে অধ্যক্ষ পদত থকাৰ কথাৰ সিদ্ধান্ত লয় ছোনিয়াই ৷

ইপিনে কংগ্ৰেছলৈ পঠোৱা চিঠিখন কংগ্ৰেছ-বিজেপি মিলিত হৈ লিখা বুলিও অভিযোগ কৰে ৰাহুল গান্ধীয়ে ৷ ইয়াৰ পিছত জ্যেষ্ঠ নেতা কপিল চিব্বাল, গুলাম নবী আজাদে ৰাহুলৰ মন্তব্যত অসন্তুষ্টি প্ৰকাশ কৰে ৷ কিন্তু ৰাহুলে এই ভাষ্য প্ৰদান কৰা নাই বুলি স্পষ্ট কৰি দিয়ে ৷

Exit mobile version