সুস্থ হৈও বিশ্বত প্ৰথম বাৰৰ বাবে হংকঙত পুনৰ কৰ’নাত আক্ৰান্ত এজন লোক

Coronavirus 1

এপ্ৰিলৰ প্ৰথম সপ্তাহতে ক’ভিড-১৯ত আক্ৰান্ত হৈ সুস্থ হৈ উঠা এজন লোক পুনৰ আক্ৰান্ত হৈছে কৰ’নাত ৷ এই সন্দৰ্ভত কৰ’নাত আক্ৰান্ত হোৱাৰ পিছত সুস্থ হৈ পুনৰ SARS Cov-2 ত আক্ৰান্ত হ’ব পাৰে বুলি মন্তব্য কৰিছে বিজ্ঞানীসকলে ৷

আনহাতে চলিত মাহতে ৩৩ বছৰীয়া এগৰাকী ব্যক্তি ইউৰোপৰ পৰা হংকঙলৈ আহোতে বিমান বন্দৰত কৰা স্ক্ৰিনিংত SARA COV-2 ধৰা পৰিছিল । কিন্তু ব্যক্তিজন দ্বিতীয়বাৰ কৰ’নাত আক্ৰান্ত হওঁতে ভাইৰাছৰ কোনো লক্ষণৰ তাৰতম্য দেখা নাই ।

গতিকে ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে পৰৱৰ্তী সংক্ৰমণৰ লক্ষণসমূহ দেহত বেছিকৈ ফুটি নুঠে । SARS Cov-2ৰ লক্ষণসমূহত কৰ’না ভাইৰাছৰ সাধাৰণ লক্ষণ চৰ্দিৰ লগত সাদৃশ্য আছে । অৱশ্যে এই ৰোগত আক্ৰান্ত কিছুমান লোকৰ এসপ্তাহ ধৰি পৰীক্ষা কৰা হয় । তেওঁলোকৰ লক্ষণসমূহৰ সন্দৰ্ভত বিজ্ঞানীসকল এতিয়াও স্পষ্ট হ’ব পৰা নাই যে এই লক্ষণসমূহ নতুন ভাইৰাছৰ লক্ষণ নে আন কিবা ।

ইফালে গৱেষকসকলৰ মতে ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছত পুনৰ ক’ভিডৰ আন এটা লক্ষণৰে আক্ৰান্ত হোৱা এইজনে বিশ্বৰ প্ৰথম ৰোগী । আন এগৰাকী গৱেষক ক’ৰী স্মিথে কয় যে ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছত পুনৰ SARS COV-2 আক্ৰান্ত হ’লে চিনাক্ত কৰিবলৈ কঠিন হৈ পৰে কাৰণ SARS COV-2 ত ৰোগীৰ শৰীৰত লক্ষণ ধৰা নপৰে ৷ কিন্তু সমস্যা এইটোৱেই যে SARA COV-2 ৰোগীৰ পৰা ভাইৰাছটো সংক্ৰমিত হয়। সম্প্ৰতি SARA COV2 লৈ বিপাঙত পৰিছে বিশ্বৰ গৱেষকসকল ৷

Exit mobile version