আমাক যমুনাত পেলাব বিচাৰিছেঃ ৰাহুল গান্ধী

rAHULtyhftytr12

২৩ জন বিধায়কে কংগ্ৰেছলৈ প্ৰেৰণ কৰা পত্ৰৰ পিছতে সেই বিশেষ পত্ৰ খনত কি আছে সেই সন্দৰ্ভত জানিবলৈ সকলো উৎসুক হৈ পৰিছিল । সেই পত্ৰখনত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে নেতৃত্বৰ ব্যাপক পৰিৱৰ্তন বিচাৰিছিল । বিগত দিনতেই কংগ্ৰেছৰ জ্যেষ্ঠ নেতৃবৰ্গই দিয়া এই পত্ৰখনৰ সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ গান্ধী পৰিয়ালৰ লাগিছিল প্ৰায় পাঁচ মাহৰো অধিক সময় ।

ইফালে কংগ্ৰেছত নেতৃত্বৰ পৰিৱৰ্তন বিচাৰি চিঠি লিখা পাঁচজন বিধায়কৰ মতে সাধাৰণে দলত হোৱা বৈঠকসমূহ কেৱল পাঁচজন লোকৰ সহিতে গোপনে হৈছিল । বৈঠকসমূহ গোলাম নবী আজাদ, কপিল চিব্বাল আৰু আনন্দ শৰ্মাৰ বাসগৃহত হৈছিল ৷ মধ্যপ্ৰদেশৰ বিবাদৰ পিছত চলিত বৰ্ষৰ জানুৱাৰীত আৰম্ভ হৈ মাৰ্চ এপ্ৰিলত কংগ্ৰেছ লগা শীতল যুদ্ধৰ প্ৰকোপ বাঢ়িবলৈ ধৰে ৷ ইয়াৰ পিছতে কংগ্ৰেছৰ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই বিজেপিত যোগদান কৰে ।

আনহাতে ৰাহুল গান্ধীও মাতৃ ছোনিয়া গান্ধীৰ আশে পাশে থকা নেতাসকলৰ বিৰুদ্ধে এটা পূৰ্ব ধাৰণা আছিল ৷ ৰাহুল গান্ধীৰ ধাৰণা আছিল “আমাক যমুনাত পেলাব বিচাৰিছে ।” সকলোৱে ছোনিয়া গান্ধীৰ লগত বৈঠকৰ কাৰণে সকলোৱে বিচাৰি আছিল যদিও অন্তিম সময়ত পত্ৰৰ জৰিয়তে সকলো কথা স্পষ্টকৈ উত্থাপন কৰাৰ প্ৰসংগক অনা হৈছে । ২৩ জন বিধায়কে দিয়া পত্ৰৰ গোপনীয়তাৰ কাৰণে সকলোৱে কেৱল এটা ড্ৰাফ্ট পঢ়িবলৈ দিয়া হৈছিল ।

এই পত্ৰখন দিয়াৰ সময়ত ছোনিয়া গান্ধী চিকিৎসাধীন হৈ আছিল ৷ সেয়েহে এই বিষয়ত ৰাহুল গান্ধীৰ খঙো উঠিছিল । আৰু উল্লেখ কৰিছিল যে তেওঁ মাতৃ ছোনিয়া গান্ধীক পত্ৰখন অধ্যয়ন কৰিবলৈ নিদিলে ৷ ইফালে সৰ্বশেষত ছোনিয়া গান্ধী অনাগত ছমাহৰ কাৰণে অধ্যক্ষৰ পদৰ কাৰণে অধিস্থিত থাকে ৷ অৱশ্যে অনাগত সময়ত ৰাহুল গান্ধীয়েই অধ্যক্ষৰ পদত অধিস্থিত হ’ব বুলি নিশ্চিত হয় ।

Exit mobile version