- মুকলিৰ দুদিনপিছতেই গুৱহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰপ’ৱে কাৰিকৰী বিজুতিৰ বাবে বিকল হৈ পৰিল । সোমবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মুকলি হৈছিল ৰপ’ৱে সেৱা । ইতিমধ্যে ৰপ’ৱে মেৰামতি কৰাৰ বাবে তৎপৰ হৈছে যদিও কে’বাটাও দিনলৈ ৰপ’ৱে বিকল হৈ থকাৰ সম্ভাৱনাই অধিক হৈ পৰিছে ।
- অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা তদন্তত জড়িত হৈ পৰিল ড্ৰাগছৰ প্ৰসংগ । কাৰণ অভিনেতাজনৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তী ড্ৰাগছ আসক্ত বুলি তথ্য পোৱা গৈছে ৷ ৰিয়াৰ whatsappt হোৱা কথা বতৰা এখন তালিকা সংবাদমাধ্যমত প্ৰকাশ পাইছে ৷ এই তালিকাত থকা অনুসৰি ৰিয়াই গৌৰৱ নাম এজন ব্যক্তিৰ পৰা ড্ৰাগছৰ সন্দৰ্ভত মত বিনিময় কৰিছিল।
- বিধানসভাৰ চৌহদত প্ৰৱেশৰ পূৰ্বে ৰেপিড টেষ্ট কৰিব লাগিব সকলো মন্ত্ৰী-বিধায়কে ৷ আনহাতে ৰেপিড টেষ্ট কৰিব লাগিব বিষয়া-কৰ্মচাৰী আৰু সাংবাদিকসকলেও ৷ এই মন্তব্য বিধানসভাৰ প্ৰধান সচিব মৃগেন্দ্ৰ কুমাৰ ডেকাই ৷ উল্লেখ্য যে অহা ৩১ আগষ্টৰ পৰা অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন অনুষ্ঠিত হ’ব ।
- প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰখাৰ বাবে জিএমচিএইচত এখন কমিটী গঠন কৰি দিয়া হৈছে । ডাঃ যোগেশ শৰ্মাৰ নেতৃত্বত গঠন কৰা হৈছে এই কমিটীখন । আৰু এই কমিটীখনে প্ৰতি পল দৃষ্টি ৰাখিব তৰুণ গগৈৰ স্বাস্থ্যৰ ওপৰত । টুইটাৰ যোগে এই কথা জনালে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
- লোকসকলৰ অসুবিধাৰ কথা পাহৰি কেৱল ব্যৱসায়ৰ কথা ভাবিলে নহ’ব ৷ দেশৰ জনগণৰ দুখ-দুৰ্দশাৰ ওপৰতো চকু দিয়ক । তলাবন্ধৰ মাজতে বেচৰকাৰী বেংকে স্থগিত EMI লোৱা প্ৰসংগক লৈ কেন্দ্ৰলৈ ধমক দিলে উচ্চতম ন্যায়ালয়ে।
- ২৭ আগষ্টত অনুষ্ঠিত হোৱাৰ কথা আছিল অগপৰ কেন্দ্ৰীয় সাধাৰণ অধিবেশন ৷ কিন্তু সেই অধিবেশনৰ বৈধতাক লৈ অগপৰে একাংশ নেতাই আদালতৰ কাষ চপাত সেই অধিবেশনত স্থগিতাদেশ জাৰি কৰিলে কামৰূপ মহানগৰ দেৱানী আদালতে । ইয়াৰ পাছতেই অগপৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ এই অধিবেশনক লৈ অনিশ্চিয়তাৰ সৃষ্টি হয় ।
- ৰাজ্যত পুনৰ ২১৭৯ জন লোকৰ শৰীৰত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে । ইয়াৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৫৩১, ডিব্ৰুগড়ৰ ১৫২, কাছাৰৰ ১৩৬, যোৰহাটৰ ১৩৪ আৰু কামৰূপৰ ১২২গৰাকী ব্যক্তি ৷ আনহাতে নতুনকৈ পজিটিভসকলক ধৰি অসমত চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ৯৬,৭৭১লৈ বৃদ্ধি পাইছে ।
ADVERTISEMENT