NIA ৰ চাৰ্জশ্বীটত ফাদিল

pulwama 1

কাশ্মীৰৰ পুলৱামাত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত ব্যয় হৈছিল ৫ লাখ ৭০ হাজাৰ টকা । ২০১৯ ৰ ফ্ৰেব্ৰুৱাৰীত হোৱা এই আক্ৰমণত ৪০ জন ভাৰতীয় সেনা শ্বহীদ হৈছিল । সম্প্ৰতি তদন্তকাৰী সংস্থা NIA য়েই চাৰ্জশ্বীটত মাষ্টাৰমাইণ্ড মহম্মদ ওমৰ ফাৰুকে কৰা ব্যয়ৰ তালিকাখন ৰাজহুৱা কৰিছে ৷ ফাৰুক হ’ল মৌলানা মাছুদ আজহাৰৰ ভতিজাক ।

এক বিশেষ সূত্ৰ অনুসৰি পাকিস্তানৰ ফালৰ পৰা ১০ লাখ টকা ফাৰুকৰ এলাইড বেংক(ABL-SHAHKAS WAZIR DHAND KHYBER AGENCY) আৰু মীজান বেংক (০৭০৩ KARKHANO MARKET HAYATABAD BRAN PESHAWAR PAKISTAN )ৰ একাউণ্টত ট্ৰান্সফাৰ কৰা হৈছিল ৷ এই ধন ২০১৯ ৰ জানুৱাৰীৰ পৰা ফ্ৰেব্ৰুৱাৰীৰ ভিতৰত পাঁচটা কিস্তিত দিয়া হৈছিল ।

চাৰ্জশ্বীটৰ অনুসৰি সন্ত্ৰাসবাদীয়ে ১.৮৫ টকাৰে ইক’ কাৰ ক্ৰয় কৰিছিল । এই ইক’কাৰখন পুনৰ নিৰ্মাণ কৰোতে লাগিছিল ৩৫ হাজাৰ টকা ৷ ২.২৫ লাখ টকা আই ই ডি তৈয়াৰ কৰিবলৈ ব্যৱহৃত সকলো ধৰণৰ বিস্ফোৰক সামগ্ৰী ক্ৰয় কৰোতে ব্যয় হৈছিল। ৩৫ হাজাৰ টকা এলুমিনিয়াম পাউদাৰত ব্যয় হৈছিল । এই এলুমিনিয়াম পাউডাৰ অনলাইন অৰ্ডাৰ দিয়া হৈছিল।

ইপিনে চাৰি কিলোগ্ৰাম এলুমিনিয়াম পাউদাৰ শ্ৰীনগৰৰ ৱেজ উল ইছলাম নামৰ এজন ব্যক্তি এজনৰ ঘৰৰ পৰা আনিছিল । ৱেজ নামৰ লোকজনক সম্প্ৰতি গ্ৰেপ্তাৰ কৰা হৈছে। NIA ৰ মতে প্ৰত্যেকবাৰেই ইকৱাল ৰাথোৰ নামৰ ব্যক্তি জনে সন্ত্ৰাসবাদীৰ দলটোক অনা নিয়া কৰিছিল  ৷

NIA ৰ এজন বিষয়াৰ মতে ইকবালে পিছত মাষ্টাৰমাইণ্ড ফাৰুকক কাশ্মীৰৰ এটা ঘৰলৈ লৈ গৈছিল । কিন্তু পিছত ওমৰে সঘনাই নিজৰ স্থান সলনি কৰি থাকে। চাৰ্জছীটৰ মতে ওমৰ ফাৰুকে পুলৱামা আক্ৰমণত পিছত আৰু অধিক সন্ত্ৰাসবাদ কাৰ্যকলাপ বাহাল ৰাখিব বিচাৰিল যদিও বালাকোট ষ্টাইকৰ পিছত সেয়া বাস্তৱত পৰিণত নহ’ল ৷

Exit mobile version