বলিউডৰ অভিনেত্ৰী ছাৰা আলি খানৰ সৈতে থাইলেণ্ড ভ্ৰমণ কৰিছিল সুশান্ত সিং ৰাজপুতে

Sushant Sara 1200 IANS

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত চিবিআইৰ তদন্ত চলি থকাৰ সময়তে ৰিয়াৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপিত হোৱা দেখা গৈছে । আনকি ৰিয়াই সুশান্তৰ একাউন্টৰ পৰাও যথেষ্ট পৰিমাণৰ ধন ব্যয় কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছিল । কিছুদিনৰ আগতে ৰিয়া চক্ৰৱৰ্তীয়ে এক সাক্ষাৎকাৰত কৈছিল যে সুশান্ত সিং ৰাজপুতে ২০১৮ৰ ডিচেম্বৰত তেওঁৰ বন্ধুসকলৰ সৈতে এটা ট্ৰিপত থাইলেণ্ড গৈছিল ।

ৰিয়াই দাবী কৰা অনুসৰি সুশান্তই কেৱল তেওঁৰ বন্ধুসকলৰ সতে থাইলেণ্ডৰ যাত্ৰা কৰা নাছিল । বলিউডৰ অভিনেত্ৰী ছাৰা আলি খান আৰু অন্য কেইজনমান বন্ধুৰ স’তে গৈছিল থাইলেণ্ড । তাৰ ভিতৰত আছিল সিদ্ধাৰ্থ গুপ্তা, কুশল জনক জৱেৰী, আব্বাছ, মোছতাক আহমেদ শেখ মোবাৰক, আব্বাছ আৰু চাবিৰ আহমেদ ।

উল্লেখ্য যে, কিছুদিনৰ আগত ৰিয়া চক্ৰৱৰ্তীয়ে এটা চেনেলৰ সাক্ষাৎকাৰত কৈছিল যে, সুশান্তই নিজ ইচ্ছামতে ৰাজকীয় জীৱন যাপন কৰিছিল । আৰু থাইলেণ্ডৰ যাত্ৰাত ব্যয় কৰিছিল প্ৰায় ৭০ লাখ টকা । থাইলেণ্ডৰ এই যাত্ৰাত সুশান্ত সিং ৰাজপুতে লগত যোৱা বন্ধুসকলৰ বাবে প্ৰাইভেট জেট ভাড়া কৰিছিল । সুশান্তৰ টকাৰে ৰিয়া আৰু ভায়েক ইউৰোপ যাত্ৰাত যোৱাৰ অভিযোগ নস্যাৎ কৰি এই কথা প্ৰকাশ কৰে ৰিয়াই ।

আনহাতে, এই মাহৰ আৰম্ভণিতে সুশান্তৰ বন্ধু চেমুৱেল হ’কিপে ইনষ্টাগ্ৰামত  ছাৰা আলি খান আৰু সুশান্তৰ মাজত থকা প্ৰেমৰ সম্পৰ্কৰ বিষয়ে এটা প’ষ্ট শ্বেয়াৰ কৰিছিল । প’ষ্টটোত লিখিছিল যে, ২০১৮ত কেডাৰনাথ ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত ছাৰা আলি খান আৰু সুশান্ত দুয়োজন প্ৰেমত পৰিছিল। ইজনে সিজনক বহুত সন্মান কৰিছিল আৰু গভীৰ ভাৱে ভাল পাইছিল। যিটো আজিকালিৰ সম্পৰ্কৰ ক্ষেত্ৰত খুব কমেই দেখা পোৱা যায় ।

লগতে হ’কিপে লিখিছিল, ছাৰাই সুশান্তৰ লগতে সুশান্তৰ পৰিয়াল, বন্ধু-বৰ্গ , কৰ্মচাৰী সকলোকে সমানেই সন্মান কৰিছিল । দুয়োজনৰ মাজত প্ৰেমৰ সম্পৰ্ক গভীৰ আছিল । মোৰ আচৰিত লাগে সুশান্তৰ ‘sunsiriya’ ছবিখনৰ মুক্তিৰ পাছত ছাৰা আলী খানে প্ৰেমৰ সম্পৰ্ক ছেদ কৰে সুশান্তৰ স’তে । এইয়া কোনো বলিউড মাফিয়াই বাধ্য কৰাইছিল নেকি ?’

উল্লেখ্য যে সুশান্তৰ আত্মহত্যাৰ সম্পৰ্কে ছাৰা আলী খানে মুকলিকৈ একো মন্তব্য দিয়া নাই । ছাৰা আৰু সুশান্তক একেলগে ‘কেডাৰনাথ’ চিনেমা খনত দেখা গৈছিল । আনহাতে, চেমুৱেল হ’কিপ সুশান্তৰ এজন অন্তৰংগ বন্ধু আছিল ।

Exit mobile version