- শেহতীয়াকৈ অহা এক খবৰ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে PM CARES ফাণ্ডৰ পৰা ২.২৫ লাখ টকা দান কৰিছে ৷ নাম প্ৰকাশত অনিচ্ছুক প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এজন ব্যক্তিয়ে কয় যে যেতিয়া কৰ’না ভাইৰাছৰ সন্ত্ৰাস আৰম্ভ হৈছিল তেতিয়া মোদীয়ে আৰম্ভণিতে নিজৰ ফালৰ পৰা ২.২৫ লাখ কোটি টকা দান কৰিছিল।
- উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী কেয়াৰ্ছ ফাণ্ডক লৈ বিৰোধী পক্ষই ক্ষুৰ ধাৰ সমালোচনা কৰিছিল মোদীক ৷ কংগ্ৰেছে ইয়াৰ বৈধতাক সম্পৰ্কত প্ৰশ্নও কৰিছিল । ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এজন ব্যক্তিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া দান বৰঙনিৰ সন্দৰ্ভত তালিকা দাঙি ধৰে।
- ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ কন্যাসকলৰ পঢ়াৰ আঁচনি আৰু গংগাক চাফা কৰাকে ধৰি বিভিন্ন আঁচনিৰ কাৰণে দান দিছে ৷ লগতে নিলামীৰ বস্তুৰ টকা মিলাই প্ৰায় ১০৩কোটি টকা দান দিছে মোদীয়ে।
- ২০১৯ ত মোদীয়ে নিৰাপত্তাৰক্ষীসকলৰ কাৰণে নিৰ্মাণ কৰা কাৰ্পচ ফাণ্ডত নিজৰ ফালৰ পৰা ২১ লাখ প্ৰদান কৰে । দক্ষিণ কোৰিয়াৰ ফালৰ পৰা পোৱা ১.৩ কোটি টকা গংগা মিশ্যনত দান দিব মোদীয়ে ৷
- আনহাতে উল্লেখযোগ্য যে ২০১৫ত মোদীয়ে উপহাৰ নিলাম কৰি পোৱা ৮.৩৫ কোটি টকা একত্ৰিত কৰি নমামি গংগা অভিযানক প্ৰদান কৰিছিল ।
ADVERTISEMENT