🖋️সৌৰভ গাৰ্গ
♦ প্ৰশ্নঃ এই সময়, অতি কঠিন সময়। কৰ’না মহামাৰীৰ কৰাল গ্ৰাসত পৰি সমগ্ৰ মানৱ জাতি এক জটিল সন্ধিক্ষণত। এই সময়খিনিক লৈ কি ক’ব?
জুবিনঃ এইখিনি আমাৰ সকলোৰে বাবে ধৈৰ্য ধৰাৰ সময় । আমি খুব সাৱধানে আগবাঢ়িব লাগিব। কৰ’নাই আমাৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে। চিনেমা উদ্যোগৰ পৰা আৰম্ভ কৰি সকলোবোৰ বিধ্বস্ত হৈ পৰিছে । কেৱল সাংস্কৃতিক ক্ষেত্ৰখনেই নহয় এই সময়ছোৱাৰ প্ৰভাৱ সকলো ক্ষেত্ৰৰ লোকৰ ওপৰতে পৰিছে। মই নৱপ্ৰজন্মক এটাই অনুৰোধ কৰিম যে যাতে কোনো কাৰণত পিছপৰি নাহে। আমি নিজেই এখন সুন্দৰ অসম গঢ়িব লাগিব । যাৰবাবে মই অসমৰ নতুন প্ৰজন্মক পথাৰলৈ আহিবলৈ আহ্বান জনাইছো। সকলো পথাৰলৈ আহক । বজাৰো আমাৰ হ’ব, পথাৰো আমাৰ হ’ব। মই তেনে এক কৃষি বিপ্লৱৰ বাবে আগৱাঢ়িছো । মোৰ অনুৰাগী তথা জুবিন ফেন ক্লাৱৰ সদস্যসকলক লৈ এই বিপ্লৱ আৰম্ভ কৰিছো । মোৰ বিশ্বাস বজাৰ আৰু পথাৰ অসমীয়াৰ দখললৈ অনাত আমি সফল হ’ম । নলবাৰী আৰু বৰপেটা জিলাৰ পৰা এই যাত্ৰা আৰম্ভ কৰিম। পৰ্যায়ক্ৰমে মই অসমৰ প্ৰত্যেকখন জিলালৈ যাম । কৃষিৰ প্ৰতি আগ্ৰহী সকলক লগত লৈ কাম কৰাৰ ইচ্ছা আছে।
♦ প্ৰশ্নঃ ‘কা’ আন্দোলনত আপুনি সন্মুখৰ পৰা নেতৃত্ব দিছিল। আন্দোলনৰ পটভূমিতে আপুনি পলিটিক্স নকৰিবা বন্ধু গানটোৰো সৃষ্টি কৰিছিল । এতিয়া কৰ’নাৰ কৰাল গ্ৰাসত পৰি ‘কা’ আন্দোলন স্তব্ধ হ’ল । এই সময়ছোৱাত একাংশৰ অভিযোগ আপোনাৰ ‘কা’ৰ বিৰুদ্ধে পূৰ্বৰ স্থিতি নাই। আপুনি কি ক’ব?
জুবিনঃ নহয়, মই এতিয়াও নাগৰিকত্ব সংশোধনী আইনখনৰ সমৰ্থন নকৰো । কিন্তু মই এটা কথাত বিশ্বাস কৰো যে আমি এটা অৰ্থনৈতিক আন্দোলনো গঢ়ি তুলিব লাগিব। কেৱল ৰাজপথৰ আন্দোলনত থাকিলে নহ’ব। যাৰবাবে মই অসমৰ নৱপ্ৰজন্মক লৈ কৃষি যোগেদি এক অৰ্থনৈতিক আন্দোলনৰ আশা কৰিছো। মই নাগৰিকত্ব সংশোধনী আইনক লৈ কেতিয়াও মোৰ স্থিতি সলনি নকৰো। মই পূৰ্বৰ স্থিতিতে অটল আছো। অসমৰ ৰাইজৰ লগত আছো।
♦ প্ৰশ্নঃ শেহতীয়াকৈ ৰাজ্যত আপোনাক লৈ এটা নতুন বিতৰ্কৰ সৃষ্টি হৈছে। আপোনাক ৰাজ্যৰ চৰকাৰৰ কৃষি বিভাগে ‘ব্ৰেণ্ড এম্বেছাদৰ’ৰ বাবে প্ৰস্তাৱ আগৱঢ়াইছে? এই সন্দৰ্ভত আপোনাৰ ক’ব লগা?
জুবিনঃ হয়, মোক কৃষি বিভাগে ‘ব্ৰেণ্ড এম্বেছাদৰ’ৰ বাবে প্ৰস্তাৱ আগৱঢ়াইছে । কৃষিমন্ত্ৰী অতুল বৰাই মোক এই প্ৰস্তাৱ দিছে । ৰাজ্যৰ কৃষি খণ্ডৰ প্ৰতি কাম কৰাৰ ইচ্ছা আছে । ৰাইজৰ হৈ কাম কৰিবলৈ পালে ভাল পাম। অযথা বিতৰ্ক কামনা নকৰো।
♦ প্ৰশ্নঃ সমাগত ২০২১ বিধানসভা নিৰ্বাচন । আপুনি কেনেকুৱা এখন চৰকাৰ বিচাৰে?
জুবিনঃ চৰকাৰ ৰাইজে পাতে । মই ব্যক্তিগতভাৱে এটা কথাই কম সকলোৱে বিবেক ভোট দিয়ক। দল যিয়েই নহওক আমাৰ দেশ–ৰাজ্যৰ উন্নয়ন হ’ব লাগে।
♦ প্ৰশ্নঃ বিগত সময়ছোৱাত অসমৰ শিল্পী সমাজৰ বহু শিল্পীয়ে বিভিন্ন ৰাজনৈতিক দলত অংশগ্ৰহণ কৰিছে । জুবিন গাৰ্গেও কেতিয়াবা কোনো ৰাজনৈতিক দলত যোগদান কৰিব নেকি?
জুবিনঃ নাই, মই গানৰ মানুহ । মই কেতিয়াও সক্ৰিয় ৰাজনীতিত যোগদান নকৰো । ৰাজনীতিত যোগদান কৰাৰ মোৰ কোনো ধৰণৰ পৰিকল্পনা নাই।
♦ প্ৰশ্নঃ শেহতীয়াকৈ ৰাজ্যৰ চলচ্চিত্ৰ জগতখনলৈ কিছু আশাৰ ৰেঙণি ঘূৰি আহিছিল, আপোনাৰ কাঞ্চনজংঘাৰ লগতে কেইবাখনো ছবি ব্যৱসায়ীক ভাৱে সফল হৈছিল । কৰ’নাৰ বাবে আকৌ স্তব্ধ হৈ পৰিল । নতুন কিবা ছবিৰ পৰিকল্পনা?
জুবিনঃ নতুন ছবিৰ পৰিকল্পান আছিল। ‘জুলু’ নামৰ ছবি খনৰ কাম আৰম্ভ কৰাৰ পৰিকল্পনা আছিল । কিন্তু এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোবোৰ পিছুৱাই দিছো । এই বছৰটোত নতুন ছবিৰ দৃশ্যগ্ৰহণৰ কাম নকৰো । ছবি কৰি যাম। অসমৰ চলচ্চিত্ৰ জগতখনলৈ এক নতুন গতি অনাৰ প্ৰয়োজন আছে । বহুত নতুন ল’ৰা–ছোৱালী ওলাই আহিছে। সেইটো এটা ইতিবাচক দিশ। মোৰ দৃঢ় বিশ্বাস আমি সফল হ’ম । কে’বাখনো ছবি গীতৰ কাম কৰিছো। শেহতীয়াকৈ এন কে প্ৰডাকচন বেনাৰত নিৰ্মাণ হোৱা ‘শ্লেমবুক’ নামৰ ছবিখনৰ সংগীতৰ কাম কৰিছো। নিপন গোস্বামীয়ে এখন ছবিৰ পৰিকল্পনা কৰিছে সেইখনৰো সংগীতৰ কাম মই কৰিম।
♦ প্ৰশ্নঃ আপুনি শেহতীয়াকৈ কি প্ৰজেষ্টৰ কামত ব্যস্ত?
জুবিনঃ মোৰ নিজস্ব পৰিকল্পনাৰে ‘চিলা’ নামৰ এটা এলবামৰ কাম আৰম্ভ কৰিছো। মোৰ শাৰিৰীক অসুস্থতাৰ বাবে কিছুদিন মুম্বাইত থাকিবলগীয়া হ’ল। প্ৰায়বোৰ কাম তাতে কৰিছো। এলবামটোত সংগীত দায়িত্ব নতুন প্ৰজন্মৰ অনুৰাগ শইকীয়া, নিলোৎপল বৰা তথা কেইগৰাকীমান নতুন ল’ৰাক দিছো। বহুত ভাল ভাল কৰি আছে। এলবামটোৰ গান কেইটা সময় লৈ কৰিছো । এলবামটোত মই ৯০ৰ দশকতে সুৰ কৰা ‘এটি নহয় দুটি নহয়’ শীৰ্ষক এটি গীত আছে । এলবামটোৰ গীতৰ কামবোৰ প্ৰায় সম্পূৰ্ণ হৈছে।
♦ প্ৰশ্নঃ হঠাৎ আপুনি কিছু স্বাস্থ্যজনিত অসুবিধাত ভুগিছিল। এতিয়া আপোনাৰ স্বাস্থ্য কেনেকুৱা?
জুবিনঃ হয়, বিশ্ৰামবিহীনভাৱে কাম কৰাৰ বাবে হঠাৎ অসুস্থ হৈ পৰিছিলো । যাৰ বাবে মই বহুদিন মুম্বাইত থাকিলো । এতিয়া মই সুস্থ । নিজৰ স্বাস্থ্য প্ৰতি যতন লৈ কাম কৰি আছো । অনাগত দিনবোৰতো অসমৰ ৰাইজক নতুন নতুন সৃষ্টি উপহাৰ দিম।
♦ ধন্যবাদ জুবিন দা, আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক ইমান সময় দিলে। “দৈনিক অগ্ৰদূত”ৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলো।
জুবিনঃ ধন্যবাদ ।