- শীঘ্ৰেই জম্মু-কাশ্মীৰত চৰকাৰী ভাষাৰ মৰ্যাদা পাব হিন্দী ভাষাই । কেন্দ্ৰীয় কেবিনেটে আজি এই সম্পৰ্কীয় প্ৰস্তাৱত অনুমোদন জনায়। এই সন্দৰ্ভত সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে ৷
- কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত চলিত নাট্যবৰ্ষত নাট প্ৰদৰ্শন বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাই। এই মন্তব্য সন্থাৰ সভাপতি নজৰুল ইছলাম, যুটীয়া সম্পাদকদ্বয় সুবোধ মজুমদাৰ আৰু ক্ষিৰোদ খনিকৰৰ৷লগতে তেওঁলোকে চৰকাৰ আৰু ৰাইজৰ সহায় সহযোগ বিচাৰিছে।
- বিগত২৪ ঘণ্টাত ৰাজ্যত মুঠ ৪৭,৭৪৪টা ক’ভিড টেষ্টৰ ভিতৰত ৩,৫৫৫ জনৰ কৰ’না পজিটিভ ধৰা পৰে । আক্ৰান্তসকলৰ ভিতৰত কামৰূপৰ ৯২৪, নগাঁওত ২৩৬, ডিব্ৰুগড়ত ২১৩ জন আৰু বাক্সাত ২০০ জন৷আনহাতে ৰাজ্যত মুঠ কৰ’নাত আক্রান্তৰ সংখ্যা ১,১৫,২৭৯ জনলৈ বৃদ্ধি পাইছে ৷
- ক’ভিড-১৯ ত আক্ৰান্ত হৈছে সাংসদ তপন গগৈ । এন্টিজেন টেষ্টত তেওঁৰ দেহত ধৰা পৰে এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি। বৰ্তমান তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।
- মালিগাঁৱত পুনৰ দ্বিতীয়বাৰৰ কাৰণে পিঞ্জৰাবদ্ধ হ’ল এটা প্ৰকাণ্ড নাহৰফুটুকী। কিছু দিন পূৰ্বে একেটাই স্থানত পিঞ্জৰাবদ্ধ হৈছিল এটা নাহৰফুটুকী৷বিভাগীয় মন্ত্ৰী আৰু বিষয়াসকলৰ তৎপৰতাত নাহৰফুটুকী বাঘটোক আৱদ্ধ কৰিবলৈ সক্ষম হৈছে ৷
ADVERTISEMENT