চিৰাঙৰ গৰুভাষা চানপুৰৰ ভগ্ন দলঙে অন্তৰায়ৰ সৃষ্টি কৰিছে যাতায়াতৰ

IMG 20200907 WA0004

চিৰাং জিলাৰ চিদলী উন্নয়ন খণ্ডৰ অন্তৰ্গত গৰুভাষা ভি চি ডি চিৰ চানপুৰৰ মৰা ভুৰ নৈৰ ওপৰত থকা দলঙে যাতায়াতত ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে ৷ সম্পূৰ্ণৰূপে জৰাজীৰ্ণ এই দলংখনৰ ওপৰত নিৰ্ভৰশীল প্ৰায় ছয়খনকৈ গাঁৱৰ জনসাধাৰণ ৷

বিগত ১৭ বছৰে বি টি চিত চৰকাৰ চলাই থকা বি পি এফৰ চৰকাৰখনে এই দলংখনৰ মেৰামতি কাৰণে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ যাৰ ফলত জীয়াতু ভুগিব লগা হৈছে ছখন কৈ গাঁৱৰ ৰাইজে৷ইফালে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়েই কেৱল দায়িত্ব সামৰে জনপ্ৰতিনিধিসকলে ৷

কিন্তু সম্প্ৰতি দলংখনৰ এই অৱস্থাৰ বাবে লোকসকল চাৰিচকীয়া বাহনেৰে পাৰ হ’ব নোৱাৰে ।ইতিমধ্যে জহি খহি যোৱা দলংখনৰ কোনো ফালেই ৰেলিং নাই। মাজে মাজে কাঠ পচি যোৱাত বাঁহেৰে যোৰা তাপলি দি কোনো মতে খোজকাঢ়ি যাতায়াত কৰে গাঁৱবাসীয়ে৷
ইফালে গাঁৱত কোনো লোকৰ বেমাৰ হ’লে এম্বুলেন্স আহিব নোৱাৰে । ৰোগীক সাঙীত লৈ দলং পাৰ কৰাইহে এম্বুলেঞ্চত ল’ব লগীয়া হয় বুলি জনায় গাঁওবাসীয়ে। বিগত দিনত অসম চৰকাৰ বা বিটিচি প্ৰশাসনে এই অঞ্চলটোত একোৱেই উন্নয়ন নকৰিলে । এইবাৰ বিটিচি পৰিষদীয় নিৰ্বাচনতো জন প্ৰতিনিধি সকলে যাতে পূৰ্বৰ দৰে ভূৱা প্ৰতিশ্ৰুতি দিব নোৱাৰে তাৰেই কামনা কৰিছে সাধাৰণ ভোটাৰ তথা গাঁৱবাসীয়ে ৷

উল্লেখযোগ্য যে চিৰাং জিলাৰ অতিকে পিচপৰা এই অঞ্চলটো চিদলী বিধান সভা সমষ্টীৰ অন্তৰ্গত৷ এই সমষ্টিৰ বিধায়ক মন্ত্ৰী চন্দন ব্ৰহ্ম একেৰাহে তিনিটা কাৰ্যকালৰ পৰাই মন্ত্ৰী হৈ আছে যদিও নিজৰ সমষ্টিৰ বাট পথ তথা দলঙৰ এই অৱস্থা ।

বিগত সময়ত ৰাইজে প্ৰতিবাৰ নিৰ্বাচনৰ পূৰ্বে কেৱল প্ৰতিশ্ৰুতিহে লাভ কৰে ৷ বাস্তৱত কিন্ত কোনো কাম নহ’ল ।কিন্তু এইবাৰ কোনো প্ৰতিশ্ৰুতি বিচৰা নাই সাধাৰণ দৰিদ্ৰ গঞাই ৷গঞাই বিচাৰিছে কেৱল কাম আৰু উন্নয়ন ৷

Exit mobile version