পঢ়া-শুনা কৰা প্ৰায় প্রতিজন ভাৰতীয়ৰে আমেৰিকাত গৈ চাকৰি কৰাৰ এক সপোন থাকে । কিন্তু আমেৰিকাত এটি লোভনীয় চাকৰি এৰি দেশলৈ উভতিব বিচাৰিবনে তাকো দেশলৈ উভতি আহি কৃষি কাৰ্যৰে জড়িত হ’বলৈ ।এনে এজন লোক হৈছে সতীশ কুমাৰ । বৃত্তিত ছফটৱেৰ ইঞ্জিনীয়াৰ সতীশৰ চিন্তা-চৰ্চা ভাৰতৰ অন্য পাঁচজন লোকতকৈ কিছু পৃথক । তেওঁৰ ঘৰ কৰ্ণাটকৰ কালবুৰ্গি জিলাত ।
সতীশ কুমাৰে আমেৰিকাৰ লছ এঞ্জেলছৰ উপৰি সংযুক্ত আৰৱ এমিৰেটছৰ ডুবাইতো বহু বছৰ ধৰি লোভনীয় চাকৰিত আছিল । ভাৰতত অধ্যয়ন সম্পূৰ্ণ কৰাৰ পাছত সতীশ কুমাৰে আমেৰিকাৰ এটি প্ৰতিষ্ঠিত বাণিজ্যিক প্ৰতিষ্ঠানত যোগদান কৰে । দৰমহা লাভ কৰিছিল বাৰ্ষিক এক নিযুত মাৰ্কিন ডলাৰ । ভাৰতীয় মুদ্ৰাত এই পৰিমাণ হ’বগৈ প্ৰায় সাত কোটি ৪০ লাখ টকা ।
কিন্তু ইমান ধনেও সতীশ কুমাৰক আমেৰিকাত আবদ্ধ কৰি ৰাখিব নোৱাৰিলে । আকৰ্ষিত হৈছিল দেশলৈ উভতি আহি খেতি কৰিবলৈ ।অৱশেষত মন স্থিৰ কৰিলে সতীশ কুমাৰে । আমেৰিকাত সকলো এৰি এদিন উভতি আহিল দেশলৈ । দেশলৈ উভতি অহাৰ পাছত পৈত্রিক ভূমিত আৰম্ভ কৰি দিয়ে কৃষি কাৰ্যৰ ।
এই সন্দৰ্ভত সতীশ কুমাৰে কয়, ‘লছ এঞ্জেলছ-ডুবাইৰ দৰে বৃহৎ মহানগৰত ছফটৱেৰ অভিযন্তা আছিলো । আমেৰিকাত নিযুত মাৰ্কিন ডলাৰৰ দৰমহা লাভ কৰিছিলো; কিন্তু এনে কামত মোৰ মন বহা নাছিল । সেয়েহে দেশলৈ উভতি আহিলো । ইয়াৰ পাছত ঘৰৰ মাটিতে কৃষিকাৰ্য আৰম্ভ কৰিলো । যোৱা মাহত দুই একৰ ভূমিৰ শস্য বিক্ৰী কৰি আঢ়ৈ লাখ টকা লাভ কৰিছো । মই স্থিৰ সিদ্ধান্ত লৈছো ভৱিষ্যতে যি কৰিম সেয়া একমাত্ৰ মাতৃভূমিৰ বাবেহে কৰিম ।”